NORTHEAST NOW (Assamese)

নিখিল ভাৰত মটৰ পৰিবহণ কংগ্ৰেছৰ অনিৰ্দিষ্টকালীন চকা বন্ধ কাৰ্যসূচী প্ৰত্যাহাৰ

July 21, 2018 6:01 pm · এন ই নাও নিউজ
Updated: July 21, 2018 6:02 pm

পেট্ৰ’ল–ডিজেলৰ অস্বাভাৱিক মূল্যবৃদ্ধি, অত্যাধিক হাৰত বীমা মাচুল বৃদ্ধি কৰা, টোলগেট ব্যৱস্থা বন্ধ কৰাকে ধৰি বিভিন্ন দাবীত শুকুৰবাৰৰ পৰা নিখিল ভাৰত মটৰ পৰিবহণ কংগ্ৰেছে অনিৰ্দিষ্ট কাললৈ ঘোষণা কৰা চকা বন্ধ আজি প্ৰত্যাহাৰ কৰে।

প্ৰাপ্ত তথ্য মতে নিখিল ভাৰত মটৰ পৰিবহণ কংগ্ৰেছে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম-কাজ আৰু বানৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে অনিৰ্দিষ্টকালীন চকা বন্ধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰে।

উল্লেখযোগ্য যে শুকুৰবাৰৰ পৰা জনোৱা চকা বন্ধ কাৰ্যসূচীৰ ফলত ব্যাহত হৈ পৰিছিল সাধাৰণ জনতাৰ জীৱন-যাপন। আনকি গুৱাহাটী মহানগৰীত অচল হৈ পৰিছিল চিটি বাছৰ চলাচল। ফলত সাধাৰণ ৰাইজে ইয়াৰ দুৰ্ভোগ ভুগিব লগা হৈছিল।

Related News