NORTHEAST NOW (Assamese)

নিচা মুক্ত ত্ৰিপুৰা গঢ়াৰ বাবে যুৱ প্ৰজন্মই সঠিক ৰূপত ব্যৱহাৰ কৰক ছ’চিয়েল মিডিয়া : বিপ্লব কুমাৰ দেব

July 19, 2018 1:26 pm · পিনাকী দাস
Updated: September 7, 2018 10:08 am

বিপ্লব কুমাৰ দেব নেতৃত্বাধীন ত্ৰিপুৰা চৰকাৰে ৰাজ্যখনক নিচাজাতীয় সামগ্ৰীৰ কৱলৰ পৰা মুক্ত কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হোৱা দেখা গৈছে। সেয়ে বিগত কিছু দিনৰ পৰা আৰক্ষী প্ৰশাসনে ইয়াৰ বিৰুদ্ধে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি সফলতা অৰ্জন কৰা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে নিচাজাতীয় সামগ্ৰী সেৱনৰ পৰা যুৱ প্ৰজন্মক মুক্ত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপক আৰু অধিক সুফল প্ৰদান কৰাৰ উদ্দেশ্যে ছ’চিয়েল মিডিয়াৰ সঠিক ব্যৱহাৰৰ জৰিয়তে চৰকাৰক সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়াবলৈ ৰাজ্যখনৰ যুৱ প্ৰজন্মক আহ্বান জনাই মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে।

বুধবাৰে আগৰতলা টাউন হলত দুদিনীয়াকৈ আয়োজন কৰা পঞ্চম বাৰ্ষিক নেশ্যনেল ছ’চিয়েল চাৰ্ভিছ স্বেচ্ছাসেৱক সমাৱেশৰ শুভ উদ্বোধন অনুষ্ঠানত মুখ্য মন্ত্ৰী বিপ্লব দেব উপস্থিত থাকি ভাষণ প্ৰসংগত এই কথা উল্লেখ কৰে।

যুৱ প্ৰজন্ম তথা স্বেচ্ছাসেৱকসকলে সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে আয়োজিত অভিনন্দন অনুষ্ঠানত মুখ্য মন্ত্ৰীগৰাকীয়ে নিচা মুক্ত ত্ৰিপুৰা গঢ়াৰ বাবে চৰকাৰক সহযোগ কৰিবলৈ আহ্বান জনায়।

মুখ্য মন্ত্ৰী দেবে কয়, ‘ঋণাত্মক আৰু ধ্বংসাত্মক কাৰ্যকলাপৰ বিপৰীতে এখন নিচা মুক্ত ৰাজ্য গঢ়াৰ বাবেহে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰা উচিত। যদিহে ত্ৰিপুৰাৰ যুৱ প্ৰজন্মই নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত সক্ৰিয় ভূমিকা গ্ৰহণ কৰে তেন্তে আমি শীঘ্ৰে এই ক্ষেত্ৰত সফলতা লাভ কৰিম’।

ইয়াৰ উপৰি ড্ৰাগছ সৰবৰাহ সম্পৰ্কে যদি কোনোবাই তথ্য লাভ কৰে তেন্তে কোনো ভয় নোহোৱাকৈ ১০০ নম্বৰৰত আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈও মুখ্য মন্ত্ৰীয়ে আহ্বান জনায়।

আনহাতে ত্ৰিপুৰাৰ উন্নয়নৰ বাবে মুখ্য মন্ত্ৰীগৰাকী বদ্ধ পৰিকৰ বুলিও উক্ত অনুষ্ঠানতে উল্লেখ কৰে।

বুধবাৰৰ এই অনুষ্ঠানত মুখ্য মন্ত্ৰী দেবৰ উপৰি ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী মনোজ কান্তি দেবৰ লগতে বহুতো শীৰ্ষ পৰ্যায়ৰ বিষয়া উপস্থিত আছিল।

Related News