নিজ-নমাটি গড়কাপ্তানি পথত থকা এটা কালভাৰ্ট নিৰ্মাণত কামটোৰ সৈতে জড়িত ঠিকাদাৰসকলে ব্যাপক অনিয়ম কৰাৰ অভিযোগ উত্থাপন কৰিছে নিজ-নমাটিৰ গাঁওবাসীয়ে। যোৱা ৪/৫ মাহ আগতে নিজ-নমাটি গড়কাপ্তানিপথ সংলগ্ন কদমতললৈ যোৱা মুখ্য পথটোত এটা কালভাৰ্ট নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ধন বৰমা সমষ্টিৰ বিধায়ক পুঁজিৰ পৰা আবণ্টন দিয়া হৈছিল। উক্ত কামটো নমাটি অঞ্চলৰ চিনাকী দিলীপ পাঠক, মাণিক ডেকা আৰু মহেশ ডেকাৰ তত্বাৱধানত চলি আছে।
কালভাৰ্টটো নিৰ্মাণৰ সৈতে জড়িত ঠিকাদাৰে পানীৰ তৰপৰ ২ ফুট ওপৰত ৰড অবিহনেই প্ৰায় ৩ ইন্সি ঢালাই দি ২২ ফুট প্ৰস্থৰ জানটোৰ ওপৰেৰে ১০ ফুট বহলকৈ বেৰ বনাইছে। প্ৰায় ৬ ফুট ওখ এইবেৰ দুখনৰ নিৰ্মাণত অতি নিকৃষ্ট মানদণ্ডৰ ইটা আৰু ১০/১২ মি: মি: ৰড ব্যৱহাৰ কৰিছে। কনিষ্ঠ অভিযন্তা (J. E) উৎপল দাসৰ পৰা জানিব পৰা গৈছে যে নিৰ্মাণত ১৬ মি: মি: ৰড ব্যৱহাৰ কৰিবলৈ বিভাগীয়ভাৱে প্ৰসতুত কৰা নক্সাখনত নিৰ্দেশ দিয়া আছে।
তাৰোপৰি, ৩ দিন আগতে প্ৰস্তুত কৰি থোৱা ‘ড্ৰেগন চিমেণ্ট’ আৰু গোটা শিলেৰ প্ৰস্তুত মচলাৰে এই নিৰ্মাণৰ কাম কৰা হৈছে। তাৰোপৰি এই কাম বৰষুণৰ মাজতে সম্পন্ন কৰা হৈছিল। নিৰ্মাণৰ পাচত এতিয়া সেই বেৰৰ গাত মোহাৰি দিলেই মচলা উঠি আহে।
কামৰ এই নমুনাত ৰাইজ অসন্তুষ্ট হৈ পৰে আৰু তেওঁলোকে মহকুমাধিপতি শ্ৰীমতী পামী ব্ৰহ্মলৈ লিখিতভাৱে আবেদনপত্ৰৰ জৰিয়তে এই বিষয়টোৰ সন্দৰ্ভত হস্তক্ষেপ গ্ৰহণ কৰাৰ দাবী তোলে। উক্ত আবেদনপত্ৰত মহকুমাধিপতিগৰাকীয়ে স্বাক্ষৰ কৰি সেইখন খণ্ড উন্নয়ন বিষয়া (BDO) লৈ আগবঢ়াই দিয়ে। খণ্ড উন্নয়ন বিষয়াগৰাকীৰ আবৰ্তমানত আবেদনপত্ৰখন এইটো প্ৰকল্পৰ সৈতে জড়িত কনিষ্ঠ অভিযন্তাগৰাকীয়ে গ্ৰহণ কৰে। উল্লেখ্য যে এই কনিষ্ঠ অভিযন্তাগৰাকী আজিকোপতি নিৰ্মাণস্থানত উপস্থিত হোৱা নাই।
বিষয়টো সন্দৰ্ভত লিখিত অৱগত কৰা সত্তেও অজ্ঞাত কাৰণত প্ৰয়োজনীয় কাৰ্যব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত অনীহা প্ৰকাশ কৰিছে মহকুমা প্ৰশাসনে। সেয়েহে বিষয়টো সন্দৰ্ভত পুনৰ অভিযোগ দিয়াৰ বাবে আজি ৰাইজৰ প্ৰতিনিধি কেইগৰাকীমান (লগতে এই প্ৰতিৱেদকো) মহকুমাধিপতিগৰাকীৰ ওচৰলৈ গৈছিল যদিও তেওঁৰ সাক্ষাৎ লাভ কৰা নগ’ল।
ঠিকাদাৰৰ গাফিলতি সন্দৰ্ভত অভিযোগ দিয়াৰ বাবে মহকুমাধিপতিগৰাকীৰ দ্বাৰস্থ হোৱাৰ পাছত মহকুমাধিপতিগৰাকীয়ে ৰাইজৰ প্ৰতিনিধিক সাক্ষাৎ কৰাৰ সদিচ্ছা নেদেখুৱাই বিষয়টো এক্তিয়াৰৰ ভিতৰত নপৰে বুলি জনাই দি অভিযোগটো মণ্ডলৰ ওচৰত দাখিল কৰাৰ উপদেশ দিয়ে।
মহকুমাধিপতিগৰাকীৰ পৰা আশানুৰূপ কাৰ্যব্যৱস্থা গ্ৰহণৰ কোনো সদিচ্ছা নেদেখি এতিয়া ৰাইজে বিষয়টো নিষ্পত্তি কৰাৰ বাবে নলবাৰী জিলা উপায়ুক্তৰ কাষ চপাৰ কথা চিন্তা কৰিছে।