নিম্নতম বুনিয়াদী সা-সুবিধাৰ পৰাও বঞ্চিত কৃষাণ চুবুৰিবাসী

‘সব কা সাথ সব কা বিকাশ’ৰ শ্লগানক অসাৰ প্ৰতিপন্ন কৰি শোণিতপুৰ জিলাৰ ভিতৰুৱা এখন গাৱঁৰ বাসিন্দা সকলে এতিয়াও এক বিচ্ছিন্ন জনাংশৰ দৰে বাস কৰিবলৈ বাধ্য হৈ আছে। কোনো চৰকাৰী উন্নয়নমূলক আঁচনি, চৰকাৰী সাহায্য তথা দৰিদ্ৰতা নিৰ্মূল আঁচনিৰ আওতাত নপৰা এই গাওঁখন হ’ল শোণিতপুৰ জিলাৰ ন-বিল পথাৰৰ ভিতৰুৱা অঞ্চল কৃষাণ চুবুৰি। ইয়াৰ বাসিন্দাসকলে এতিয়াও চৰম দাৰিদ্ৰ্যৰ সৈতে সহাৱস্থান কৰি আহিছে। তেওঁলোকৰ দৈনন্দিন জীৱন বঞ্চিত হৈ আছে নিম্নতম বুনিয়াদী সা-সুবিধাৰ পৰা। নাই কোনো উপযুক্ত খোৱাপানীৰ ব্যৱস্থা, ৰাস্তাঘাটৰ সুব্যৱস্থা, চৰকাৰী স্বাস্থ্যসেৱা, শিক্ষাৰ আন্তঃগাঁথনি, বিদ্যুৎ সংযোগ। প্ৰায় ৫৪ টা পৰিয়াল থকা এই অঞ্চলটোৰ লোকসকলৰ মাজত সাক্ষৰতাৰ হাৰ তেনেই ক’ম, সামাজিক সজাগতাও নাই। ফলত তেওঁলোকে গম নাপায় কি কি চৰকাৰী আঁচনি আছে, কি কি নিম্নতম বুনিয়াদী সা-সুবিধা তেওঁলোকৰ প্ৰাপ্য। কোনো ৰাজনৈতিক দলৰ বাবেই এই সৰু বিচ্ছিন্ন জনাংশ সিমান মূল্যৱান নহয় বাবে স্থানীয় কোনো ৰাজনৈতিক নেতা-প্ৰতিনিধিয়ে তেওঁলোকৰ কেতিয়াও খবৰ লোৱা নাই।

আক্ষৰিক অৰ্থতে মধ্য যুগীয়া এটা মানৰ ভিতৰত ৰৈ গৈছে তেওঁলোকৰ জীৱন। প্ৰতিটো দিন যাপনৰ বাবেই তেওঁলোকে কৰিব লগীয়া অকল্পনীয় কষ্ট।

তেওঁলোকে নাজানে প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ বিষয়ে। তেওঁলোকে নাজানে দাৰিদ্ৰ্য সীমা ৰেখা বা বি পি এল কি, তেওঁলোকে নাজানে ৱান জিৰ’ এইট সেৱা কি। আনকি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ ৰেচন কাৰ্ডৰ পৰাও তেওঁলোক বঞ্চিত। শেহতীয়াকৈ চৰকাৰে প্ৰচলন কৰা অতল অমৃত অভিযান কি সেইটোও নাজানে তেওঁলোকে।

আনহাতে আদিবাসী জনগোষ্ঠীৰ লোকেৰে ভৰা এই সৰু জনাংশটো ভুক্তভোগী হৈছে গৰাখহনীয়াৰো। ওচৰতে থকা বেঙেনাজুলি নদীৰ খহনীয়াই তেওঁলোকৰ ভালেকেইজনৰ কেইবা বিঘাকৈ মাটি নিশ্চিহ্ন কৰি পেলালে।

তেওঁলোকৰ হৈ মাত মাতিবলৈ বা তেওঁলোকক নিজৰ অধিকাৰ সম্বন্ধে সচেতন কৰিবলৈ কোনো ওলাই অহা চকুত পৰা নাই। আনকি জনগোষ্ঠীটোৰ কোনো সংগঠনো।