নিয়োজনৰ দাবী পূৰণ নহ’লে আত্মজাহ দিয়াৰ ভাবুকি এছ পি অ’ৰ

11-04-18-Baksa-SPO-protest-rally-3-1-266x200

বিশেষ আৰক্ষী বিষয়াৰ (এছ পি অ’) এটা গোটে চৰকাৰে তেওঁলোকক নিয়োজিত কৰাৰ দাবীসমূহ পূৰণ নহ’লে আত্মজাহ দিয়াৰ ভাবুকি দিছে।

বুধবাৰে বিশেষ আৰক্ষী বিষয়া কল্যাণ সমাজৰ (The Special Police Officers’ Welfare Society) তৰফৰ পৰা প্ৰকাশ কৰা হৈছে যে অসম ঔদ্যোগিক সুৰক্ষা বাহিনীৰ তৃতীয় বেটেলিয়নত তেওঁলোকক নিযুক্তি দিয়াৰ আশ্বাস তেওঁলোকে অস্বীকাৰ কৰিছে।

এছ পি অ সকলৰ পৰা বৰম্বাৰ অনুৰোধ জনাই অহা আৰু বিগত ফেব্ৰুৱাৰি মাহত মুখ্যমন্ত্ৰীয়ে আশ্বাস দিয়া  স্বত্ত্বেও বাহিনীটো অজিকোপতি গঠন কৰা হোৱা নাই।

এইদৰে দোদুল্যমান অৱস্থাত বিৰক্ত হৈ ২৭২ এছ পি অ’ৰে গঠিত এটা গোটে আৰক্ষী আয়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰি জনাই দিছে যে এপ্ৰিলৰ ২০ৰ পৰা ২৫ তাৰিখৰ ভিতৰৰ যিকোনো সময়তে তেওঁলোকে আত্মজাহ দিব।

ফেব্ৰুৱাৰিৰ ১৪ তাৰিখে আৰক্ষী নিয়োগ ব’ৰ্ডে ৮৬০জন এছ পি অ’ক এ আই এছ এফৰ তৃতীয় বেটেলিয়নত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল যিটো প্ৰস্তাৱ গৃহ বিভাগত পৰি আছে। চৰকাৰে যদিওবা প্ৰথম আৰু দ্বিতীয় বেটেলিয়নত ১৪৫জন এছ পি অ’ক নিযোজিত কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল আমি তাৰ বিৰোধিতা কৰিছিলোঁ আৰু ৮৫০ৰ সকলোকেই নিয়োজিত কৰাৰ দাবী জনাইছিলোঁ।  তৃতীয় বেটেলিয়নটো গঠনৰ প্ৰক্ৰিয়াটো ২০১২ চনতেই আৰম্ভ হৈছিল যদিও ফাইলটো গৃহ আৰু বিত্ত বিভাগৰ মাজত অহা-যোৱা কৰি আছে।  বিশেষ আৰক্ষী বিষয়া কল্যাণ সমাজৰ সম্পাদক মৃত্যুঞ্জয় বৰাই কৈছে যে তেওঁলোকে তেওঁলোকৰ দাবীৰ এটা আগতীয়া সমাধান বিছাৰে।

বৰাই গৈছে যে অসম আৰক্ষীৰ ৫,৫০০ টা খালি হৈ থকা পদৰ ২ শতাংশ এছ পি অ’ৰ বাবে সংৰক্ষিত হৈ আছে যদিও নিয়োগৰ প্ৰক্ৰিয়া এতিয়ালৈকে আৰম্ভ কৰা হোৱা নাই।

বিশেষ আৰক্ষী বিষয়া কল্যাণ সমাজৰ সভপতি দিলীপ শইকীয়াই প্ৰকাশ কৰিছে যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ফেব্ৰুৱাৰিৰ ১ তাৰিখে গৃহ বিভাগক দুটা বেটেলিয়ন খোলাৰ বাবে নিৰ্দেশ দিছিল যদিও ৪ মাহৰ সময় সীমাৰ ভিতৰত প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰাৰ কোনো কাম হৈ নুঠিল।

শইকীয়াই কৈছে যে বিলম্বৰ বাবে এটা গোটৰ ধৈৰ্য্যচ্যুতি  ঘটি আত্মজাহৰ ভাবুকি দিছে। এনে কোনো ঘটনা ঘটিলে তাৰ বাবে মুখ্যমন্ত্ৰী দায়ী হ’ব বুলি শইকীয়াই সকিয়াই দিছে।

উল্লেখ্য যে ২০০৮ চনত অসম আৰক্ষীৰ পদত অস্থায়ী নিযুক্তি লাভ কৰি সন্ত্ৰাসবাদ-জৰ্জৰ এলেকাত কাম কৰি ২০১৫ চনত চাকৰি হেৰুৱাইছিল।