NORTHEAST NOW (Assamese)

নিৰ্বাচনী সভাত অমিত শ্বাহ : বিজেপি শাসনলৈ আহিলে ত্রিপুৰাক আদৰ্শ ৰাজ্য কৰি তোলা হ’ব

February 11, 2018 10:19 pm · পান্না ঘোষ

 

বিজেপিক শাসনলৈ আনিলে ত্ৰিপুৰাক অহা পাঁচ বছৰত আদৰ্শ ৰাজ্য হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিছে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে। নিৰ্বাচন সমাগত ত্ৰিপুৰাত আজি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিজনে নিৰ্বাচনী প্ৰচাৰ অভিযানত ভাগ লয়। শ্বাহে আজি মোহনপুৰ, চাওমানু আৰু তেলীয়ামূৰাত নিৰ্বাচনী সমাৱেশত ভাষণ দিয়ে।

তেওঁ সমাৱেশত উপস্থিতসকলক আহ্বান জনাই ৰাজ্যখনৰ পৰা বাওঁমৰ্চাক উৎখাত কৰিবলৈ কয়। তেওঁ অভিযোগ কৰি কয় যে ৰাজ্যখনত শ্ৰমিকৰ হাজিৰা বৰ্তমান অতি কম হৈ আছে। বিজেপি শাসনলৈ আহিলে বৰ্তমানৰ ১৭৭ টকাৰ হাজিৰা ৩৩০ টকা কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে। আনহাতে ভোটাৰসকলক কয় যে দলটো শাসনলৈ অহাৰ এসপ্তাহৰ ভিতৰত সপ্তম দৰমহা আয়োগ কাৰ্য্যকৰী কৰিব।

আনহাতে তেওঁ কয় যে কমিউনিষ্ট দলে মানুহক দুখীয়া কৰি ৰখাত বিশ্বাস কৰে। কাৰণ তেওঁলোক দুখীয়া মানুহৰ ওপৰতে ভৰসা কৰে।

আৰু লগতে তেওঁ কয় যে কেন্দ্ৰই যদিও পুঁজি তিনি গুণ বঢ়াই দিছে চি পি আই (এম)-এ ইয়াৰ বিপৰীত ছবি দেখুৱাই আছে।

লগতে তেওঁ গুৰুতৰ অভিযোগ আনি কয় যে চি পি আই(এম)-এ সন্ত্ৰাসৰ ৰাজত্ব চলাই আছে। তেওঁ বিজেপি শাসনলৈ আহিলে কাকো ৰেহাই দিয়া নহয় বুলিও মন্তব্য কৰে।

Related News