নীপকোৰ পানীয়ে বিধ্বংসীছে গোলাঘাটৰ বিভিন্ন অঞ্চল

নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পই এৰা পানীৰ ফলত গোলাঘাটত বাঢ়নী পানীয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। বুধবাৰে নিশা অহা বাঢ়নী পানীৰ ফলত জলবন্দী হৈ পৰিছে বহু লোক। জিলাখনৰ বিভিন্ন ঠাইৰ লগতে বানৰ বুৰ গৈছে নুমলীগড়, খুমটাই আদি অঞ্চলো।

উল্লেখযোগ্য যে বিধ্বংসী বাঢ়নী পানীয়ে নুমলীগড়ৰ মিঠাআম চাপৰিৰ ন বিলৰ মথাউৰি চিঙি নিয়ে। ফলত মৰঙী মৌজাৰ কেইবাখনো বুৰ গৈছে বাঢ়নী পানীত। লগতে শ শ পৰিয়াল পানীৰ মাজত আবদ্ধ হৈছে।

মুঠৰ ওপৰত গোলাঘাট জিলাৰ জামুগুৰি, দলৌজানকে ধৰি বিভিন্ন অঞ্চল জলমগ্ন হৈ পৰিছে। লগতে ফেনে–ফোটোকাৰে বাঢ়ি অহা ধনশিৰিৰ পানীয়ে থুৰামুখৰ বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাইছে।

ইফালে ধনশিৰিৰ বাঢ়নী পানীয়ে খুমটাই অঞ্চলত সৃষ্টি কৰিছে এক প্ৰলয়ংকাৰী বানৰ। বুধবাৰে নিশা খুমটাই অঞ্চলত বিধায়ক মৃণাল শইকীয়া উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয়।

মন কৰিব লগীয়া যে নীপকোৱে দ্বিতীয়া বাৰৰ বাবে এৰা পানীৰ ফলত গোলাঘাট জিলাত বানৰ তাণ্ডৱ ইমানেই বৃদ্ধি পাইছে যে জামুগুৰি-বৰপথাৰ সংযোগী পথত প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিছে। পুনৰ নিৰ্দেশ নিদিয়া পৰ্যন্ত এই পথেদি গধূৰ যান-বাহনৰ চলাচল বন্ধ থাকিব বুলি জানিব পৰা গৈছে।