ডান্স ইন্দিয়া ডান্স (ডি আই ডি) ছীজন-৫ৰ বিজয়ী প্ৰণীতা স্বৰ্গীয়াৰি আৰু তেওঁৰ দলে ৰাজ্যখনৰ ভিতৰতে বৃহৎ নৃত্য কৰ্মশালা আয়োজন কৰিবলৈ গৈ আছে। ৮ জানুৱাৰিৰ পৰা ১৮ জানুৱাৰিলৈ চলিবলগীয়া ১০ দিনীয়া নৃত্য কৰ্মশালাখন তিনিটা পৃথক স্থানত অনুষ্ঠিত হ’ব বুলি নৃত্যশিল্পী গৰাকীয়ে জানিবলৈ দিয়ে। ৮, ৯ আৰু ১০ জানুৱাৰিত কোকৰাঝাৰ জিলাৰ য়ু এন একাডেমি স্কুলৰ ওচৰতে থকা নিউ হৰাইজন কিডছ স্কুলত কৰ্মশালাখনৰ প্ৰথম তিনিটা দিন অনুষ্ঠিত কৰাৰ বিপৰীতে ১৬, ১৭ আৰু ১৮ জানুৱাৰিত গুৱাহাটীৰ বালাজী মন্দিৰৰ কাষৰ বাথৌপুৰিত অৱস্থিত বীৰ ডিমালু পথ ৰাজহুৱা সভা গৃহত অনুষ্ঠিত হ’ব। ইয়াৰোপৰি ওদালগুৰি জিলাৰ ২ নং নলবাৰি ৱাৰ্ডত থকা ডাইমণ্ড ইংলিছ স্কুলৰ ওচৰৰ ৰিঙু দামছা সভাগৃহটো কৰ্মশালাখন আয়োজন কৰা হ’ব। সংবাদ মাধ্যমৰ লোকৰ সৈতে হোৱা এক বাৰ্তালাপত প্ৰনীতা স্বৰগিয়াৰীয়ে কয় যে বৃহৎ আকাৰত আয়োজন কৰিবলৈ লোৱা ১০ দিনীয়া কৰ্মশালাখনৰ জৰিয়তে গোট খোৱা ধন ‘বড়োলেণ্ড শিশু গৃহ’ নামৰ এটা স্বেচ্ছাসেৱী অনাথ আশ্ৰমক দান দিয়া হ’ব।
অনাথ শিশুসকলক সহায় কৰাৰ উদ্দেশ্যৰে আয়োজন কৰা নৃত্য কৰ্মশালাখনক সকলো লোককেই সহযোগ কৰাৰ আহ্বান জনাই তেওঁ কয়, ‘ অনাথ আশ্ৰমটোত উগ্ৰপন্থা, দুৰ্ঘটনা আদিত ভুক্তভোগী বহু শিশুৰ উপৰি অতি দৰিদ্ৰ পৰিয়ালৰ পৰা অহা শিশুয়ে বাস কৰি আছে। স্বেচ্ছাসেৱী সংগঠনটোৱে তেওঁলোকক আশ্ৰয় প্ৰদান কৰি অহাৰ লগতে শিক্ষাৰ দায়িত্বও লৈ আহিছে। সেয়ে তেওঁলোকে মোক সহায় আগবঢ়াবলৈ অনুৰোধ কৰাত মই উক্ত নৃত্য কৰ্মশালাখনৰ আয়োজন কৰিছো আৰু ইয়াৰ পৰা গোট খোৱা সমস্ত ধন তেওঁলোকক প্ৰদান কৰা হ’ব।’