‘নেডা’ৰ বৈঠকত উপস্থিত থাকিবৰ বাবে কাইলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ অসমলৈ

Amit-Shah--570x320

নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে বিজেপিয়ে অসমত হিন্দু বাংলাদেশীৰ বোজা জাপি দিব খোজাৰ প্ৰতিবাদত কৃষক মুক্তিয়ে সমগ্ৰ অসমৰ ৰাইজক বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ আগন্তুক অসম ভ্ৰমণৰ বিৰোধিতা কৰি ক’লা পতাকা উৰুৱাবলৈ আহ্বান জনোৱাৰ মাজতে কাইলৈ ‘নেডা’ৰ বৈঠকত অংশগ্ৰহণৰ বাবে অসমলৈ অমিত শ্বাহ অহাটো নিশ্চিত হৈছে।

উল্লেখযোগ্য যে কাইলৈ ‘নেডা’ ( North-East Democratic Alliance)ৰ তৃতীয়খন বৈঠক অনুষ্ঠিত হ’ব। উত্তৰ-পূবৰ অ-কংগ্ৰেছী দলবোৰক লৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠিত হোৱা নেডাৰ ইয়াৰ পূৰ্বৰ দুখন বৈঠক ক্ৰমে নতুন দিল্লী আৰু গুৱাহাটীত অনুষ্ঠিত হৈছিল। পুৱা ১০ বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব লগীয়া এই তৃতীয় বৈঠকখনত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ, বিজেপিৰ উত্তৰ-পূবৰ প্ৰচাৰ প্ৰমুখ ৰাম মাধৱ, নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মা আৰু উত্তৰ-পূবৰ বিজেপি শাসিত ৭খন ৰাজ্যৰ মুখ্য মন্ত্ৰীসকল আৰু উপ মুখ্য মন্ত্ৰীসকল এই বৈঠকত উপস্থিত থকাৰ কথা।

লগতে অসম ৰাজ্যিক বিজেপিৰ সদস্যসকলৰ উপৰি উত্তৰ-পূবৰ বিজেপিৰ কাৰ্য্য নিৰ্বাহকসকলকো এই বৈঠকত অংশ গ্ৰহণ কৰিবৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে নৰ্থ-ইষ্ট নাওক জানিবলৈ দিয়ে। অৱশ্যে বৰ্তমানলৈকে কিমানজন মুখ্য মন্ত্ৰী আৰু উপ মুখ্য মন্ত্ৰীয়ে যোগদান কৰিব সেয়া নিশ্চিত নহয়  বুলিও বিজেপিৰ মুখপাত্ৰজনে জানিবলৈ দিয়ে।

বৈঠকত ঘাইকৈ নেডাৰ সাংগঠনিক দিশটো শক্তিশালী কৰাক লৈ আলোচনা কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন সমস্যাৰ ওপৰতো আলোচনা কৰা হ’ব বুলি ৰূপম গোস্বামীয়ে জানিবলৈ দিছে। লগতে বৈঠকে অঞ্চলটোৰ ৰাজনৈতিক-অৰ্থনৈতিক দিশৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব।

আনহাতে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হ’ব বুলি এটা বিশেষ সূত্ৰই জানিবলৈ দিছে।

উল্লেখযোগ্য যে আজি ৰাজীৱ ভৱনত কৰ্ণাটকত কংগ্ৰেছৰ চৰকাৰ গঠনৰ পথ নিশ্চিত হোৱাৰ আনন্দত প্ৰদেশ কংগ্ৰেছে উল্লাস প্ৰকাশৰ বাবে গোট খোৱাৰ সময়তে সভাপতি ৰিপুণ বৰায়ো অমিত শ্বাহৰ নৈতিকতাবোধে তেওঁক অসম ভ্ৰমণ কৰিবলৈ বাধা দিয়া উচিত বুলি কয়।