স্বাধীনতা যুঁজাৰু নেতাজী সুভাষ চন্দ্ৰ বসু হিন্দুত্ববাদী সংগঠন আৰ এছ এছৰ দৰে একে লক্ষ্যৰ আধাৰত পৰিচালিত হৈছিল! অৰ্থাৎ আৰ এছ এছৰ লক্ষ্য আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ লক্ষ্য আছিল একে। আজি এই দাবী কৰিছে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে।
নেতাজীৰ কন্যা অনিতা বসু ফাফে শেহতীয়াকৈ আৰ এছ এছ আৰু সুভাষ চন্দ্ৰ বসুৰ মতাদৰ্শ সম্পূৰ্ণ পৃথক বুলি মন্তব্য কৰি হিন্দুত্ববাদী সংগঠনটোক সমালোচনা কৰিছিল। আৰ এছ এছৰ ‘হিন্দুত্ববাদী’ মতাদৰ্শৰ পৰিৱৰ্তে নেতাজীয়ে ধৰ্মনিৰপেক্ষতাত বিশ্বাস কৰিছিল বুলি উল্লেখ কৰিছিল নেতাজীৰ কন্যাই।
কিন্তু মোহন ভাগৱতৰ মন্তব্যই অনিতা বসু ফাফৰ মন্তব্যক অসাৰ প্ৰতিপন্ন কৰিছে। ভাগৱতৰ মতে নেতাজী আৰু আৰ এছ এছৰ লক্ষ্য হৈছে ভাৰতক এক মহান জাতি হিচাপে গঢ়ি তোলা।
ভাৰতৰ স্বাধীনতা সংগ্ৰামত নেতাজীৰ অৱদানৰ প্ৰশংসা কৰি ভাগৱতে সকলোকে নেতাজী সুভাষ চন্দ্ৰ বসুৰ গুণ আৰু নীতি গ্ৰহণ কৰি দেশক “বিশ্ব গুৰু” হিচাপে গঢ়ি তোলাৰ দিশত কাম কৰিবলৈ আহ্বান জনায়।
ভাগৱতে কয়, “আমি নেতাজীক কেৱল স্বাধীনতা সংগ্ৰামৰ প্ৰতি তেওঁৰ বহুমূলীয়া অৱদানৰ বাবেই তেওঁৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰি স্মৰণ কৰোঁ তেনে নহয়, বৰঞ্চ আমি যাতে তেওঁৰ গুণসমূহো অনুকৰণ কৰিব পাৰো সেয়া নিশ্চিত কৰিবলৈ নেতাজীক স্মৰণ কৰোঁ।”
“তেওঁ যি ভাৰতৰ সপোন দেখিছিল তথা তেওঁ গঢ়ি তুলিব বিচাৰিছিল সেয়া এতিয়াও পূৰণ হোৱা নাই। এই সপোনক পূৰ কৰাৰ বাবে আমি কাম কৰিব লাগিব।”— হিন্দুত্ববাদী নেতাগৰাকীয়ে লগতে কয়। তেওঁ লগতে পৰিস্থিতি আৰু পথ বেলেগ বেলেগ হ’ব পাৰে, কিন্তু গন্তব্যস্থান একেই আছে বুলিও দোহাৰে।
“নেতাজীয়ে প্ৰথমে কংগ্ৰেছৰ সৈতে জড়িত হৈ কংগ্ৰেছৰ ‘সত্যাগ্ৰহ’ আৰু ‘আন্দোলন’ৰ পথ অনুসৰণ কৰিছিল। কিন্তু যেতিয়া তেওঁ উপলব্ধি কৰিছিল যে এয়া যথেষ্ট নহয় আৰু স্বাধীনতা সংগ্ৰামৰ প্ৰয়োজন আছে, তেতিয়া তেওঁ এই লক্ষ্যৰ দিশত কাম কৰিছিল।”— ভাগৱতে কয়।
উল্লেখ্য যে, হিন্দুত্ববাদী সংগঠন আৰ এছ এছে স্বাধীনতা যুঁজাৰুগৰাকীৰ জন্মদিন উদযাপনৰ প্ৰস্তুতি চলাই থকাৰ সময়তে নেতাজীৰ কন্যা অনিতা বসু ফাফে আৰ এছ এছক নেতাজীৰ মতাদৰ্শক সোঁৱৰাই দি বসুৱে আৰ এছ এছৰ মতাদৰ্শক সমালোচনা কৰিছিল বুলি মন্তব্য কৰিছিল। ফাফৰ মতে নেতাজী আৰ এছ এছৰ মতাদৰ্শৰ পৰিৱৰ্তে বাঁওপন্থী ব্যক্তিহে আছিল।
অনিতা বসু ফাফে হিন্দুত্বৰ প্ৰচাৰৰ বাবে নেতাজীক ব্যৱহাৰ নকৰিবলৈও আৰ এছ এছক সকীয়াই দিছিল। ফাফে কয়, “মোৰ দেউতা এগৰাকী একান্ত হিন্দু আছিল যদিও সকলো ধৰ্মৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিছিল আৰু সকলোৱে একেলগে থাকিব পাৰে বুলি বিশ্বাস কৰা ব্যক্তি আছিল। মই নাভাবো যে আৰ এছ এছে এই ধাৰণাত বিশ্বাস কৰে।”
তেওঁ লগতে কৈছিল, “আৰএছএছে যদি নেতাজীৰ মতাদৰ্শক আঁকোৱালি ল’বলৈ আৰম্ভ কৰিছে, তেন্তে এয়া ভাৰতৰ বাবে ভাল হ’ব। নেতাজীয়ে ধৰ্মনিৰপেক্ষতাত বিশ্বাস কৰিছিল আৰু আৰ এছ এছে যে এই নীতিত বিশ্বাস ৰাখে, সেয়া নিশ্চিত নহয়।”
“আৰ এছ এছে যদি হিন্দু জাতীয়তাবাদী ধাৰণা আগবঢ়াব বিচাৰে, তেতিয়া ইয়াৰ সৈতে নেতাজীৰ মতাদৰ্শৰ মিল নাথাকে। তাৰ বাবে নেতাজীক ব্যৱহাৰ কৰিলে মই কেতিয়াও শলাগ নলওঁ।”- অনিতা বসুৱে লগতে এইদৰে উল্লেখ কৰিছিল।
“মই নিশ্চয় ভাবিম যে তেওঁলোকে নেতাজীক কেৱল মুখেৰে সন্মান নিদিয়ে। আৰ এছ এছে নেতাজীৰ ১২৬ সংখ্যক জন্মদিন উদযাপন কৰাৰ বাবে মই সন্মান জনাইছো। কিন্তু দেশৰ সুবিধাৰ বাবে নেতাজীৰ তত্ত্বসমূহ ব্যৱহাৰ কৰিলে ভাল হ’ব।”— সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে অনিতা বসু ফাফে।