ৰহাৰ টোলগেট বন্ধ কৰাৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি আহ্বান দিয়া যৌথ প্ৰতিবাদী কাৰ্যসূচীত উত্তাল হৈ পৰিছে ৰহা। নগাঁও জিলা প্ৰশাসনে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ মাজতে অখিল গগৈৰ নেতৃত্বত শ শ প্ৰতিবাদকাৰীয়ে আহি টোলগেটৰ পৰা এশ মিটাৰমান দূৰত ৰাজপথতে বহি পৰি পথ অৱৰোধ কৰি তোলে।
জিলা প্ৰশাসনে জাৰি কৰা ১৪৪ ধাৰা আৰু প্ৰতিবাদকাৰীক বাধা দিয়াৰ বাবে গ্ৰহণ কৰা ব্যাপক নিৰপাপত্তা ব্যৱস্থাৰ মাজতে প্ৰায় পাঁচ শতাধিক প্ৰতিবাদকাৰীয়ে অখিল গগৈৰ নেতৃত্বত আহি টোলগেট অভিমুখে ৰাওনা হয়। কিন্তু নিৰাপত্তাৰক্ষীৰ বাধা থকাৰ বাবে প্ৰতিবাদকাৰীসকলে ৰাজপথতে বহি পৰে।
প্ৰতিবাদস্থলীতে নগাঁও জিলা প্ৰশাসনৰ বিষয়া আৰু অখিল গগৈৰ মাজত যুক্তি যুদ্ধ আৰম্ভ হয়। অখিল গগৈয়ে কয়, “টাউনশ্বিপৰ পৰা ১০ কি:মি আঁতৰলৈকে টোলগেট নিৰ্মাণ কৰাৰ নিয়ম নাই। গেটখন ৰহা টাউনৰ ৭ নং ৱাৰ্ডৰ অন্তৰ্গত।‘’
আনহাতে, নগাওঁ জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্ত লাচিত দাসে মুকলিভাৱে স্বীকাৰ কৰে যে টোলগেটখন ৰহা টাউনৰ পৰা প্ৰায় ২ কি:মি: নিলগত আছে। অখিলৰ যুক্তিত প্ৰশাসনৰ বিষয়াসকল সেও মনাৰ লেখীয়া হৈ পৰে।
ইয়াৰ মাজতে প্ৰতিবাদ কৰাৰ কাৰণে প্ৰশাসনৰ অনুমতি লৈছিল বুলি দাবী কৰাত প্ৰশাসনৰ লোকে প্ৰথমতে অস্বীকাৰ কৰে যদিও অনুমতি পত্ৰ দেখুওৱাত অতিৰিক্ত উপায়ুক্তই “এতিয়াহে দেখিছো” বুলি কয়।
অখিল গগৈয়ে গেটখন সম্পূৰ্ণৰূপে বন্ধ কৰিবৰ বাবে আজিয়েই প্ৰতিশ্ৰুতি দিবলৈ জিলা প্ৰশাসনক দাবী জনায়। অখিল গগৈয়ে পুনৰ অভিযোগ কৰে যে হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাৰ ছিণ্ডিকেট চলাবৰ বাবে এই টোলগেট মুকলি কৰি ৰাখিছে।
আনহাতে, অখিল গগৈয়ে অভিযোগ কৰে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ১০ সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে আজিৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে আহিছিল যদিও বাগৰি, নগাওঁত আৰক্ষী প্ৰশাসনে তেওঁলোকক আবদ্ধ কৰি ৰাখে।
আজিৰ প্ৰতিবাদী কাৰ্যসূচীত আক্ৰাছুৰ গকুল ব্ৰহ্ম, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়েও অংশগ্ৰহণ কৰে।
অখিল গগৈ আৰু অতিৰিক্ত উপায়ুক্তৰ যুক্তি তৰ্কৰ সমান্তৰালকৈ প্ৰতিবাদ চলি থকাৰ মাজতে উপায়ুক্তক প্ৰতিবাদস্থলীলৈ মতাৰ বাবে অখিলে আহ্বান জনায়।