এতিয়াৰে পৰা মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই গ্ৰহন কৰিব এনআৰচি সম্পৰ্কীয় সকলো শুনানি  

Dipak Mishra, cheif justice of Supreme Court

এনআৰচি সম্পৰ্কীয় সকলো গোচৰ এতিয়াৰে পৰা ন্যয়াধীশ ৰঞ্জন গগৈৰ বিপৰীতে মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই শুনানি গ্ৰহন কৰিব।

এনআৰচি প্ৰসংগত দেশৰ উচ্চতম ন্যায়ালয়ত চলি থকা গোচৰসমূহ পূৰ্বৰে পৰা চলি অহী বিচাৰপীঠৰ পৰিৱৰ্তে অহা ৫ ফেব্ৰুৱাৰিত মুখ্য ন্যায়াধীশৰ নেতৃত্বত নতুন বিচাৰপীঠে শুনানি গ্ৰহণ কৰিব।

লক্ষ্যণীয় যে অসম সন্মিলিত মহাসংঘই এনআৰচিৰ নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৭১ চনৰ বিপৰীতে ১৯৫১ চন কৰিব লাগে বুলি উচ্চতম ন্যায়ালয়ত এখন আবেদন জনাইছিল। তদুপৰি এই আবেদনখনৰ শুনানি খৰতকীয়াকৈ গ্ৰহণ কৰিব লাগে বুলিও আবেদনখনত উল্লেখ কৰিছে।

উক্ত আবেদনখনৰ ওপৰত ভিত্তি কৰিয়েই উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই অহা ৫ ফেব্ৰুৱাৰিৰ দিনাখন শুনানি ল’ব।

স্মৰ্তব্য যে ইয়াৰ পূৰ্বে ন্যায়াধীশ ৰঞ্জন গগৈ আৰু অন্যান্য ন্যায়াধীশৰ বিচাৰপীঠে এনআৰচি সম্পৰ্কীয় সকলো গোচৰৰ শুনানি গ্ৰহণ কৰি আহিছিল।

কিন্তু ৰঞ্জন গগৈৰ বিপৰীতে সন্মিলিত মহাসংঘৰ ৫৬২ নং গোচৰৰ শুনানি গ্ৰহণ কৰিব ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই।

দীপক মিশ্ৰৰ বিচাৰপীঠে মহাসংঘৰ ৫৬২ নং গোচৰৰ উপৰি এপিডব্লিউৰ ২৭৪/ ২০০৯ নম্বৰ গোচৰৰো শুনানি গ্ৰহণ কৰিব অহা ৫ ফেব্ৰুৱীৰিৰ দিনা।

উল্লেখ্য যে সন্মিলিত মহাসংঘই তেওঁলোকৰ আবেদন সাংবিধানিক বিচাৰপীঠলৈ প্ৰেৰণ কৰিব লাগে বুলি জনোৱা অনুৰোধৰ বাবেই মুখ্য ন্যায়াধীশে শুনানি গ্ৰহণ কৰিব।