পঞ্চায়তৰ নথিক বৈধতা দিয়াৰ অনুৰোধ জনাই এক লাখ পত্ৰ প্ৰেৰণ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশলৈ

এন আৰ চিৰ উন্নীতকৰণক লৈ বৰ্তমানেও কিছু সংখ্যক ধৰ্মীয় সংখ্যালঘু বসতিপ্ৰধান অঞ্চলত উৎকণ্ঠাৰ অন্ত পৰা নাই। অসমৰ জনসাধাৰণে বিদেশীমুক্ত এখন শুদ্ধ এন আৰ চিৰ অপেক্ষাত আছে যদিও এই প্ৰক্ৰিয়াটোত পঞ্চায়তে দিয়া নথি বৈধ বিবেচিত হ’ব নে নাই সেই লৈ এতিয়াও অনিশ্চয়তা আঁতৰা নাই। এই সন্দৰ্ভত কালি হোজাই জিলা কংগ্ৰেছ কমিটিয়ে পঞ্চায়তৰ দ্বাৰা প্ৰদত্ত নথি গ্ৰহণ কৰিবলৈ অনুৰোধ জনায় উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশলৈ প্ৰায় ১ লাখ চিঠি প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।উল্লেখযোগ্য যে যোৱা ২৪ ফেব্ৰুৱাৰী ২০১৭ ত গুৱাহাটী উচ্চ ন্যায়ালয়ে পঞ্চায়তৰ প্ৰমাণ পত্ৰক অগ্ৰহণীয় বুলি ঘোষণা কৰাৰ পিছতে সৰ্বত্তে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল। আমছুৱে উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তৰ প্ৰত্যাহ্বান জনাইছিল আৰু উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। হোজাই জিলা কংগ্ৰেছৰ আহ্বায়ক নুৰ আহমেদে জনোৱা অনুসৰি প্ৰাক্তন মন্ত্ৰী তথা হোজাই জিলা কমিটীৰ সভাপতি অৰ্ধেন্দু কুমাৰ দে’ৰ নেতৃত্বত প্ৰায় ১ লাখ পত্ৰ উচ্চতম ন্যায়ালয়লৈ প্ৰেৰণ কৰা হয়, য’ত পঞ্চায়তৰ প্ৰমাণ পত্ৰক বৈধ নথি হিচাপে মানি ল’বলৈ আহ্বান জনোৱা হৈছে। লগতে এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী যাতে অসমবাসীয়ে লাভ কৰিব পাৰে তথা ধৰ্মভিত্তিক এন আৰ চি প্ৰস্তুত নহয়, সেই বিষয়েও ইয়াত আহ্বান আছে বুলি জানিবলৈ দিয়ে। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰা অহা ৩১ ডিচেম্বৰৰ পূৰ্বে প্ৰস্তুত কৰিবৰ বাবেও আহ্বান জনোৱা হয়।

আনহাতে এই সন্দৰ্ভত বিজেপিৰ সভাপতি ৰঞ্জিত দাস প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে চিঠি প্ৰেৰণ কৰা ১ লাখ লোক সন্দেহৰ আৱৰ্তত থকা লোক আৰু সেয়ে তেওঁলোকে ভয় খাইছে। লগতে তেওঁ কংগ্ৰেছক কটাক্ষও কৰে এইবুলি যে কংগ্ৰেছে ভোটবেংকৰ স্বাৰ্থত বিদেশীকো স্বদেশী সজোৱাৰ দৌৰত নামি পৰিছে আৰু আৰু এখন সুস্থ এন আৰ চি প্ৰস্তুতত বাধাৰ সৃষ্টি কৰিছে।

তদুপৰি মহানগৰ বজৰং দলৰ মেডিয়া প্ৰভাৰী দ্বীপজ্যোতি দাসৰ মতে এন আৰ চি প্ৰক্ৰিয়া বৰ্তমান সম্পূৰ্ণৰূপে উচ্চতম ন্যায়ালয়ৰ দখলত, এই প্ৰক্ৰিয়াত চৰকাৰৰ কোনো হস্তক্ষেপ নাই। বিজেপি চৰকাৰ বাংলাদেশী বিৰোধী আৰু তেওঁলোকে এজনো বাংলাদেশী এন আৰ চি ৰ অন্তৰ্ভুক্ত হোৱাটো নিবিচাৰে। এইক্ষেত্ৰত বিগত কংগ্ৰেছ চৰকাৰ বাংলাদেশী সমৰ্থক আছিল বুলিও মন্তৱ্য আগবঢ়ায়।

আন্তঃৰাষ্ট্ৰীয় হিন্দু সেনাৰ সম্পাদক জিডি কিৰণৰ মতে কংগ্ৰেছে এই পত্ৰ প্ৰেৰণ  প্ৰক্ৰিয়াৰে চৰকাৰক এন আৰ চি ৰ কাম-কাজত বাধা প্ৰদান কৰিছে আৰু চৰকাৰৰ সুস্থিৰতা নোহোৱা কৰি চৰকাৰখনক এক প্ৰকাৰ হেঁচা প্ৰদান কৰিছে।