NORTHEAST NOW (Assamese)

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত পৰীক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদ

May 24, 2018 3:13 pm · অনিৰ্বাণ পাঠক

শেহতীয়াভাৱে অনুষ্ঠিত হৈ যোৱা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰীক্ষাত হোৱা ব্যাপক খেলিমেলিৰ পাছত আজি গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন সঞ্চালকালয়ৰ সন্মুখত এই পৰীক্ষাত অৱতীৰ্ণ হোৱা শতাধিক পৰীক্ষাৰ্থীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

আজি বৰষুণকো নেওচি পৰীক্ষাৰ্থীসকলে প্ৰতিবাদ অব্যাহত ৰাখে আৰু পুনৰ পৰীক্ষা পতাৰ দাবী উত্থাপন কৰে। দীৰ্ঘ সময় ধৰি প্ৰতিবাদ অব্যাহত থকাৰ পিছতো সঞ্চালকালয়ৰ কোনো বিষয়াই  তেওঁলোকৰ সন্মুখীন হোৱা দেখা নগ’ল।

প্ৰতিবাদকাৰীসকলে সমবেত হৈ পঞ্চায়ত তথা গ্ৰামোন্নয়ন বিভাগৰ লগতে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে। তেওঁলোকে চৰকাৰে নমামি উৎসৱ পতাৰ দৰে পৰীক্ষা উৎসৱ পাতক বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

প্ৰতিবাদকাৰীসকলে কয় যে অম্বিকাগিৰি-জ্যোতিপ্ৰসাদৰ কবিতা গাই ক্ষমতালৈ আহিছিল চৰকাৰখনে। তেনেকৈয়ে অসমীয়াৰ মন জয় কৰিলে। কিন্তু বাস্তৱত তেওঁলোকে বিষয়বোৰত গুৰুত্ব দিয়া নাই।

চৰকাৰে ঘোষণা কৰা তদন্তত বিশ্বাসযোগ্যতা নাই বুলি অভিযোগ কৰি তেওঁলোকে বিভাগীয় লোকক তদন্ত কৰিবলৈ দিয়াত আপত্তি দৰ্শায়। যিসকলৰ ছত্ৰ ছায়াত পৰীক্ষাত ব্যাপক খেলিমেলি সংঘটিত হ’ল তেওঁলোককে তদন্তৰ ভাৰ দিয়াত প্ৰতিবাদীকাৰীসকলে ক্ষোভ প্ৰকাশ কৰে। তেওঁলোকে মন্তব্য কৰে যে ‘ভজা মাছ খোৱাৰ তদন্ত মেকুৰীক কৰিবলৈ দিছে।‘

প্ৰস্ন কাকতৰ খেলি মেলি সম্পৰ্কতো প্ৰতিবাদীকাৰীসকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে কিছুমান প্ৰশ্নৰ তাৰ সম্ভাৱ্য উত্তৰৰ সৈতে কোনো সংগতি নাই।

প্ৰতিবাদীকাৰীসকলে জাতীয় নায়ক, মন্ত্ৰী নৱ দলেক ‘অসম দিৱস কেতিয়া?’ বুলি প্ৰশ্ন কৰে। উল্লেখযোগ্য যে সেই প্ৰশ্নটো প্ৰশ্নকাকতত ভুলকৈ আহিছিল। উত্তৰৰ বাবে ৰখা চাৰিটা বিকল্পত শুদ্ধ উত্তৰটো দিয়া হোৱা নাছিল।

উল্লেখযোগ্য যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কিছুমান পদৰ বাবে যোৱা ২০ মে’ত সমগ্ৰ ৰাজ্যজুৰি অনুষ্ঠিত পৰীক্ষাৰ সময়ছোৱাত ৰাজ্যৰ বহুকেইটা পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থীয়ে মোবাইল ফোন ব্যৱহাৰ কৰা, ছ’চিয়েল মিডিয়াত প্ৰশ্নকাকত বিয়পি পৰা আৰু সময়ত অ’ এম আৰ ছীট পৰীক্ষাকেন্দ্ৰলৈ নহাকে ধৰি অনেক অনিয়ম হোৱাৰ অভিযোগ উঠিছিল।

Related News