• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভিয়েটনামৰ সাগৰত প্ৰাণ হেৰুওৱা ১৫ ভাৰতীয়ৰ মৃতদেহ আহি পালেহি মুম্বাই! নিজ ৰাজ্যলৈ প্ৰেৰণৰ ব্যৱস্থা চৰকাৰৰ

ভিয়েটনামৰ ফু কুৱক দ্বীপৰ সমীপত যোৱা ১১ জুলাইত সংঘটিত হোৱা স্পীডব'ট দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল ১৫ গৰাকী ভাৰতীয় পৰ্যটকে; এজন গুৰুতৰভাৱে আহত ভাৰতীয় বৰ্তমান চিকিৎসাধীন

এন ই নাও নিউজ. গুৱাহাটী by এন ই নাও নিউজ. গুৱাহাটী
July 14, 2026 8:36 am
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভিয়েটনামৰ ফু কুৱক দ্বীপৰ সমীপত যোৱা ১১ জুলাইত সংঘটিত হোৱা ভয়ংকৰ স্পীডব’ট দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ মৃতদেহ মঙলবাৰে মুম্বাইত আহি উপস্থিত হৈছে। ভিয়েটনাম এয়াৰলাইন্সৰ ভি এন ৯৭৯ নম্বৰৰ বিমানেৰে মৃতদেহসমূহ ছত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ অনা হয়। সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহৰ সৈতে সমন্বয় ৰক্ষা কৰি মৃতদেহসমূহ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে নিজ নিজ গৃহভূমিলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে এই দুৰ্ঘটনাত নিহত হোৱা পৰ্যটকসকলৰ ভিতৰত দহগৰাকী তামিলনাডুৰ, তিনিগৰাকী অন্ধ্ৰ প্ৰদেশৰ আৰু দুগৰাকী কেৰালাৰ বাসিন্দা। ইয়াৰ পূৰ্বে ১৩ জুলাইত ভিয়েটনামস্থিত ভাৰতীয় দূতাবাসে এই ১৫ গৰাকী ভাৰতীয়ৰ মৃতদেহ হো চি মিন চিটিৰ পৰা প্ৰেৰণ কৰাৰ বিষয়ে আনুষ্ঠানিকভাৱে অৱগত কৰিছিল আৰু মৃতদেহসমূহ পৰিয়ালৰ হাতত অৰ্পণ কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহক অনুৰোধ জনাইছিল।

Apply Now

যোৱা ১১ জুলাইত অ’চেন পাৰ্ল আইলেণ্ড কোম্পানীৰ দ্বাৰা পৰিচালিত স্পীডব’টখনে বতৰৰ প্ৰতিকূল অৱস্থাৰ সন্মুখীন হৈ হুন মে ৰুট দ্বীপৰ সমীপত বাগৰি পৰাৰ ফলত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হৈছিল। ভিয়েটনামৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি, নাওখনে পৰ্যটকসকলক লৈ ফু কুৱক বিমানবন্দৰৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত আন থোই বন্দৰলৈ গৈ আছিল। নাওখনত ৩২ গৰাকী ভাৰতীয় পৰ্যটক আৰু চাৰিগৰাকী ভিয়েটনামৰ কৰ্মচাৰীসহ মুঠ ৩৬ গৰাকী যাত্ৰী আছিল। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে ওচৰতে থকা আন পৰ্যটকৰ নাওসমূহ ঘটনাস্থলীলৈ গৈ উদ্ধাৰ অভিযান চলায়। উদ্ধাৰকাৰী দলে আটাইকেইগৰাকী যাত্ৰীক পাৰলৈ লৈ আনে যদিও ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ মৃত্যু হয় আৰু আন ২১ গৰাকী যাত্ৰী জীৱন্তে ৰক্ষা পৰে।

এই দুৰ্ঘটনাৰ পিছতে ভাৰতীয় দুতাবাসে ভিয়েটনামৰ কৰ্তৃপক্ষৰ সৈতে মিলি নিহতসকলৰ চিনাক্তকৰণ, নথিপত্ৰ প্ৰস্তুত কৰা আৰু অন্যান্য আইনী প্ৰক্ৰিয়াসমূহ সম্পূৰ্ণ কৰাৰ লগতে জীৱিত অৱস্থাত উদ্ধাৰ হোৱা লোকসকলক সহায় আগবঢ়ায়। গুৰুতৰভাৱে আহত হোৱা একমাত্ৰ ভাৰতীয় পৰ্যটকগৰাকীৰ এটা চিকিৎসা প্ৰক্ৰিয়া সফলতাৰে সম্পন্ন কৰাৰ পিছত উন্নত চিকিৎসাৰ বাবে তেওঁক হো চি মিন চিটিৰ এখন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে বুলি দূতাবাসে জানিবলৈ দিছে। সমগ্ৰ প্ৰক্ৰিয়াটোত সহায় সহযোগ আগবঢ়োৱাৰ বাবে ভাৰতীয় দূতাবাস আৰু হো চি মিন চিটিত থকা কনছুলেট জেনেৰেলে ভিয়েটনামৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, ফু কুৱক বিশেষ অৰ্থনৈতিক মণ্ডল আৰু অন্যান্য সংশ্লিষ্ট সংস্থাসমূহক ধন্যবাদ জ্ঞাপন কৰিছে।

এন ই নাও নিউজ. গুৱাহাটী

এন ই নাও নিউজ. গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

August 27, 2026 5:59 pm
ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

August 27, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd