NORTHEAST NOW (Assamese)

পশ্চিম আগৰতলা আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা ড্ৰাগছ মাফিয়া অমলক গ্ৰেপ্তাৰ

June 29, 2018 8:40 am · পিনাকী দাস

ত্ৰিপুৰাৰ নৱনিৰ্বাচিত চৰকাৰখনে ৰাজ্যখনক নিচাজাতীয় দ্ৰব্যৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যে এনেধৰণৰ কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তে বৃহস্পতিবাৰে আৰক্ষীয়ে পুনৰ এক অভিযান চলাই পশ্চিম আগৰতলাৰ ৰাজনগৰ অঞ্চলৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে ড্ৰাগছৰ সাম্ৰাজ্য চলাই থকা ঘাটিটোও উৎখাট কৰে।

এক গোপন সূত্ৰৰ পম খেদি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুব্ৰত চক্ৰৱৰ্তী আৰু আৰু তেওঁৰ সহযোগী দলটোৱে ৰাজনগৰৰ এটা বাসগৃহত অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট, হিৰ’ইন, ৪.১৮ লাখ নগদ টকা, কেইটামান মোবাইল ফোনৰ সৈতে অমল দাস নামৰ এজন ড্ৰাগছ মাফিয়াক আটক কৰিবলৈ সক্ষম হয়।

এই ড্ৰাগছ ব্যৱসায়ীৰ সৈতে আৰু কোন কোন চক্ৰ জড়িত আছে সেই সম্বন্ধে তদন্ত চলোৱাৰ বাবে আৰক্ষীয়ে কুখ্যাত ড্ৰাগছ ব্যৱসায়ীজনক আদালতত হাজিৰ কৰি আৰক্ষীয়ে নিজৰ জিন্মাত বিচাৰিব।

উল্লেখ্য যে ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ দেৱে ৰাজ্যখনক নিচাজাতীয় সামগ্ৰী হিচাপে মুক্ত কৰিব লাগে বুলি ঘোষণা কৰাৰ পাছতে ৰাজ্যৰ আৰক্ষীয়ে এনে কাৰ্যকলাপৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান চলাই থকাৰ পৰিপ্ৰেক্ষিততে বিগত কিছু দিনত ৰাজ্যখনত প্ৰায় ৭০ জনৰো অধিক লোক গ্ৰেপ্তাৰ হয়। ইয়াৰ উপৰি বৃহৎ পৰিমাণৰ গাঞ্জা, ড্ৰাগছ, ব্ৰাউন ছুগাৰ, কফ ছিৰাপকে আদি কৰি বিভিন্ন নিচাজাতীয় সামগ্ৰী জব্দ কৰি বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হোৱাটো স্বাভাৱিকতে এখন ৰাজ্যৰ বাবে সুখৰ খবৰ।

Related News