• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পশ্চিম বংগৰ সাংবাদিকক অসম ত্যাগ কৰাৰ দাবী অসম ৰাজ্যিক সাংবাদিক সন্থাৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
August 4, 2018 9:19 am
TMC-570x320

তৃণমূল কংগ্ৰেছৰ নেতৃত্বক কাচাৰৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰত বৃহস্পতিবাৰে অসম আৰক্ষীয়ে বাধা দিছে। ফটো : নৰ্থইষ্ট নাও

100
VIEWS
Share on FacebookShare on Twitter

পশ্চিমবংগৰ ৫০ জন বৈদ্যুতিন আৰু ছপা মাধ্যমৰ সাংবাদিকে শিলচৰত বাহৰ পাতি সদ্য প্রকাশিত এন আৰ চিৰ চুড়ান্ত খচৰা প্ৰসংগত বিভ্রান্তিমূলক প্রচাৰ চলোৱা বুলি আজি গুৱাহাটীৰ পৰা প্রকাশিত বাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম ৰাজ্যিক সাংবাদিক সন্থাই।

যি সময়ত অসমৰ ৰাইজে তথা ছপা আৰু বৈদ্যুতিন মাধ্যমে এন আৰ চি সম্পৰ্কত ইতিবাচক ভূমিকা গ্ৰহণ কৰিছে, আনকি ৰাজ্যখনৰ শান্তিপূর্ণ পৰিৱেশ অটুট ৰাখিবৰ বাবে প্ৰচাৰ মাধ্যম তথা জাতীয় সংগঠন, চৰকাৰে দৃঢ় পদক্ষেপ গ্রহণ কৰিছে, সেই সময়ত ৰাজ্যখনত শান্তি-শৃংখলা ব্যাহত কৰিবৰ বাবে অসম বিৰোধী এটা চক্রই অহৰহ প্রচেষ্টা চলাই আহিছে বুলি এক বিবৃতিতত অভিযোগ কৰিছে অসম ৰাজ্যিক সাংবাদিক সন্থাই।

পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে সদ্য ঘোষিত অসমৰ এন আৰ চি প্রসংগত গ্ৰহণ কৰা ভূমিকাৰ লগতে  তৃণমূল কংগ্ৰেছৰ একাংশ মন্ত্ৰী, সাংসদ, বিধায়কে শিলচৰত সংঘটিত কৰা ঘটনা অতিকৈ গৰিহণাযোগ্য বুলি  অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি আৰু সম্পাদক ক্ৰমে জিতু শর্মা ৰাজখোৱা আৰু ৰাতুল বৰাই বিবৃতিটোত কৰিছে।

বিবৃতিটোৰ জৰিয়তে সভাপতি আৰু সম্পাদকগৰাকীয়ে লগতে অভিযোগ কৰিছে যে অসম আন্দোলনৰ সময় ছোৱাতো সেই সময়ৰ পশ্চিম বংগ চৰকাৰৰ ভূমিকা অসম বিৰোধী আছিল। আজি তাত চৰকাৰ পৰিৱৰ্তন হৈছে যদিও কেৱল ৰাজনৈতিক স্বার্থতে মমতা বেনাৰ্জী আৰু তেওঁৰ দলে অসম বিৰোধী চক্রান্তত লিপ্ত হৈ আহিছে।

আনকি মমতা বেনাৰ্জীৰ আশীষ ধন্য এচাম সাংবাদিকে অসমৰ সম্পৰ্কত ভুল তথা ভিত্তিহীন বাতৰি প্ৰচাৰ কৰি ৰাজ্যখনৰ সম্পৰ্কত এটি ভ্ৰান্ত ধাৰণা দিবলৈ চেষ্টা কৰা কাৰ্য কোনো কাৰণতে অসমৰ ৰাইজ বা সংবাদ মাধ্যমে সুবিধা নিদিয়ে বুলি উল্লেখ কৰি তৎকালে এনে সাংবাদিকক অসম ত্যাগ কৰিবলৈ বিবৃতিটোৰ জৰিয়তে অসম ৰাজ্যিক সাংবাদিক সন্থাই দাবী জনোৱাৰ লগতে ইয়াৰ অন্যথা ৰাজ্যখনত অশান্তিৰ বীজ সিঁচাৰ অভিযোগত আইনগত ব্যৱস্থা গ্রহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে।

বিবৃতিটোত জাতি, ধৰ্ম, বৰ্ণ নির্বিশেষে অসমৰ ৰাইজক সাতামপুৰুষীয়া  ঐক্য, সংহতি, সম্প্ৰীতি অটুট ৰাখি অসম বিৰোধী এনে চক্ৰক প্ৰতিহত কৰিবলৈ ৰাজ্যবাসীৰ প্রতি আহ্বান জনাইছে অসম ৰাজ্যিক সাংবাদিক সংগঠনটোৱে।

Recent News

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd