পশ্চিমবংগৰ ৫০ জন বৈদ্যুতিন আৰু ছপা মাধ্যমৰ সাংবাদিকে শিলচৰত বাহৰ পাতি সদ্য প্রকাশিত এন আৰ চিৰ চুড়ান্ত খচৰা প্ৰসংগত বিভ্রান্তিমূলক প্রচাৰ চলোৱা বুলি আজি গুৱাহাটীৰ পৰা প্রকাশিত বাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম ৰাজ্যিক সাংবাদিক সন্থাই।
যি সময়ত অসমৰ ৰাইজে তথা ছপা আৰু বৈদ্যুতিন মাধ্যমে এন আৰ চি সম্পৰ্কত ইতিবাচক ভূমিকা গ্ৰহণ কৰিছে, আনকি ৰাজ্যখনৰ শান্তিপূর্ণ পৰিৱেশ অটুট ৰাখিবৰ বাবে প্ৰচাৰ মাধ্যম তথা জাতীয় সংগঠন, চৰকাৰে দৃঢ় পদক্ষেপ গ্রহণ কৰিছে, সেই সময়ত ৰাজ্যখনত শান্তি-শৃংখলা ব্যাহত কৰিবৰ বাবে অসম বিৰোধী এটা চক্রই অহৰহ প্রচেষ্টা চলাই আহিছে বুলি এক বিবৃতিতত অভিযোগ কৰিছে অসম ৰাজ্যিক সাংবাদিক সন্থাই।
পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে সদ্য ঘোষিত অসমৰ এন আৰ চি প্রসংগত গ্ৰহণ কৰা ভূমিকাৰ লগতে তৃণমূল কংগ্ৰেছৰ একাংশ মন্ত্ৰী, সাংসদ, বিধায়কে শিলচৰত সংঘটিত কৰা ঘটনা অতিকৈ গৰিহণাযোগ্য বুলি অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি আৰু সম্পাদক ক্ৰমে জিতু শর্মা ৰাজখোৱা আৰু ৰাতুল বৰাই বিবৃতিটোত কৰিছে।
বিবৃতিটোৰ জৰিয়তে সভাপতি আৰু সম্পাদকগৰাকীয়ে লগতে অভিযোগ কৰিছে যে অসম আন্দোলনৰ সময় ছোৱাতো সেই সময়ৰ পশ্চিম বংগ চৰকাৰৰ ভূমিকা অসম বিৰোধী আছিল। আজি তাত চৰকাৰ পৰিৱৰ্তন হৈছে যদিও কেৱল ৰাজনৈতিক স্বার্থতে মমতা বেনাৰ্জী আৰু তেওঁৰ দলে অসম বিৰোধী চক্রান্তত লিপ্ত হৈ আহিছে।
আনকি মমতা বেনাৰ্জীৰ আশীষ ধন্য এচাম সাংবাদিকে অসমৰ সম্পৰ্কত ভুল তথা ভিত্তিহীন বাতৰি প্ৰচাৰ কৰি ৰাজ্যখনৰ সম্পৰ্কত এটি ভ্ৰান্ত ধাৰণা দিবলৈ চেষ্টা কৰা কাৰ্য কোনো কাৰণতে অসমৰ ৰাইজ বা সংবাদ মাধ্যমে সুবিধা নিদিয়ে বুলি উল্লেখ কৰি তৎকালে এনে সাংবাদিকক অসম ত্যাগ কৰিবলৈ বিবৃতিটোৰ জৰিয়তে অসম ৰাজ্যিক সাংবাদিক সন্থাই দাবী জনোৱাৰ লগতে ইয়াৰ অন্যথা ৰাজ্যখনত অশান্তিৰ বীজ সিঁচাৰ অভিযোগত আইনগত ব্যৱস্থা গ্রহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে।
বিবৃতিটোত জাতি, ধৰ্ম, বৰ্ণ নির্বিশেষে অসমৰ ৰাইজক সাতামপুৰুষীয়া ঐক্য, সংহতি, সম্প্ৰীতি অটুট ৰাখি অসম বিৰোধী এনে চক্ৰক প্ৰতিহত কৰিবলৈ ৰাজ্যবাসীৰ প্রতি আহ্বান জনাইছে অসম ৰাজ্যিক সাংবাদিক সংগঠনটোৱে।