পাঁচদিনীয়া কাৰ্যসূচীৰে মঙলদৈত আৰম্ভ হৈছে অসম নাট্য সন্মিলনৰ অধিৱেশনৰ

অসম নাট্য সন্মিলনৰ

মঙলদৈত অসম নাট সন্মিলনৰ অধৱেশন উপলক্ষে উলিওৱা শোভাযাত্ৰাৰ এটি মুহূৰ্ত

ৰাজ্যখনৰ অপেছাদাৰী থিয়েটাৰৰ অগ্ৰণী সংগঠন অসম নাট্য সন্মিলনৰ ৫৬ তম ৰাজ্যিক অধিৱেশনখনি পাঁচদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে বুধবাৰৰ পৰা মঙলদৈত আৰম্ভ হৈছে। বৃহস্পতিবাৰে আন স্থানীয় প্ৰখ্যাত ব্যক্তিৰ সৈতে অসম নাট্য সন্মিলনৰ সভাপতি দুলাল ৰয়ে ঐতিহাসিক গান্ধী ময়দানত নাট্য সংগঠনটোৰ ৫৬ খন পতাকা উত্তোলন কৰে।

ইয়াৰ পিছতে গান্ধী ময়দানৰ পৰা আৰম্ভ কৰি মঙলদৈ চহৰৰ মাজেৰ এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰাটোত নাট্য সন্মিলনৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিষয়ববীয়া তথা সদস্যৰ লগতে স্থানীয় নাট্যকাৰ, শিল্পী, নাট্যপ্ৰেমী আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

আজি অনুষ্ঠিত দিনটোৰ বিভিন্ন কাৰ্যসূচীৰ ভিতৰত আছিল স্মৃতি তৰ্পন, প্ৰদৰ্শনী উদ্বোধন, নাট সংকলন মুকলি অনুষ্ঠান আৰু চাৰিখন পূৰ্ণাংগ নাটকৰ লগতে নিৰ্বাচিত শিশু নাটৰ প্ৰদৰ্শন।

পাঁচদিনীয়া এই নাট্য উৎসৱত সংগীত নাটক একাডেমীৰ নাট্যদলৰ লগতে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ দলেও নাট প্ৰদৰ্শন কৰিব। তদুপৰি, ৰাজ্যখনৰ আঠটা মণ্ডলৰ প্ৰতিযোগিতাৰ জৰিয়তে নিৰ্বাচিত হোৱা শ্ৰেষ্ঠ নাটখনো মঞ্চস্থ কৰা হ’ব। ইয়াৰ লগতে চাৰিখন নিৰ্বাচিত শিশু নাট, বাটৰ নাট, শ্ৰব্য নাট, নাটকৰ দলীয় পৰ্যালোচনা, ৰাজ্যিক পৰ্যায়ত একক অভিনয়, মূকাভিনয় আৰু আবৃত্তিৰ নিৰ্বাচিত প্ৰতিযোগীৰ প্ৰদৰ্শন, নাট্য সংকলনৰ উন্মোচনী আৰু মুকলি অনুষ্ঠান থাকিব।

এই অধিৱেশনতে আয়োজক গোষ্ঠীয়ে বিগত বৰ্ষৰ অসম নাট্য সন্মিলন বঁটা ৰাজ্যখনৰ জনপ্ৰিয় অভিনেতা প্ৰাঞ্জল শইকীয়াক প্ৰদান কৰিব। ইয়াৰ লগতে প্ৰসিদ্ধ নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰৰ স্মৃতিত এটা বঁটা আগবঢ়োৱা হ’ব এগৰাকী জনপ্ৰিয় অভিনেত্ৰী জয়া শীলক।

অধিৱেশনৰ মুকলি অনুষ্ঠানত ৰাজ্যখনত অপেছাদাৰী নাটকৰ  বিকাশত আগবঢ়োৱা অৱদানৰ বাবে ৰাজ্যখনৰ চাৰিগৰাকী শীৰ্ষ নাট্যকৰ্মীক ৰাজহৱাভাৱে সম্বৰ্দ্ধনা জনোৱা হ’ব। তেওঁলোক হ’ল মঙলদৈৰ সমৰেন্দ্ৰ নাৰায়ন দেৱ, বিশ্বনাথ চাৰিআলিৰ তৰুণ শইকীয়া, গুৱাহাটীৰ কৰুণা ডেকা আৰু বৰপেটাৰ চিন্ময় দাস।

বুধবাৰে সন্ধিয়া যুৱ সংঘত প্ৰতিনিধি শিবিৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে আয়োজক কমিটিৰ কাৰ্যবাহী সভাপতি ৰাজীৱ কুমাৰ ডেকাই।