NORTHEAST NOW (Assamese)

পাঞ্জাবাৰীত অত্যাধুনিক হাঁহ-কুকুৰা পোৱালি উৎপাদন কেন্দ্ৰ উদ্বোধন

April 10, 2018 9:20 pm · এন ই নাও নিউজ
Updated: April 10, 2018 10:29 pm

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গুৱাহাটীৰ পাঞ্জাবাৰীত অসম চৰকাৰৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ এক অত্যাধুনিক হাঁহ-কুকুৰা পোৱালি উৎপাদন কেন্দ্ৰ উদ্বোধন কৰে।

উৎপাদন কেন্দ্ৰটো উদ্বোধন কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে কৃষি খণ্ডত প্ৰগতিশীল কৃষকৰ দ্বাৰা আদৰ্শ কৃষক গোট গঠন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে পশুধন উৎপাদনৰ সৈতে জড়িত ৰাজ্যখনৰ পশুপালকসকললৈ  ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱা হ’ব বুলি মন্তব্য কৰে।

ভাষণ প্ৰসংগত তেওঁ ৰাজ্যখনৰ পশুধনৰ চাহিদা তথা ইয়াৰ যোগানৰ এক তুলনামূলক জৰীপ চলাই চাহিদা আৰু যোগানৰ মাজৰ ব্যৱধান আঁতৰোৱাৰ বাবে যথোচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ পশুপালন বিভাগক নিৰ্দেশ দিয়ে।

আনহাতে উক্ত অনুষ্ঠানতে তেওঁ ৰাজ্যৰ ১০ গৰাকী প্ৰগতিশীল পশু পালকলৈ ‘মুখ্য মন্ত্ৰীৰ প্ৰেৰণা বঁটা’ প্ৰদান কৰে। উক্ত বঁটাটোৰ অংশ হিচাপে পশু প্ৰত্যেককে ১০,০০০ টকাৰ চেকৰ লগতে একোখনকৈ গামোচা আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰা হয়।

উল্লেখযোগ্য যে অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ দ্বাৰা নাবাৰ্ডৰ অৰ্থ সাহায্যৰে প্ৰতিষ্ঠা কৰা এই উৎপাদন কেন্দ্ৰটোৱে প্ৰতিমাহে ৮ লাখ হাঁহ-কুকুৰাৰ পোৱালি উৎপাদন কৰিব।

অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই আদৰণি ভাষণ  প্ৰদান কৰা আজিৰ অনুষ্ঠানটোত পশু চিকিৎসা আৰু পশু পালন বিভাগৰ মন্ত্ৰী অতুল বৰা আৰু মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়েও ভাষণ প্ৰদান কৰে।

Related News