পান মেকমিলানে প্ৰকাশ কৰিব আইজল ফুটবল ক্লাবৰ বিষয়ে লিখা কিতাপ

ব্ৰিটিছ প্ৰকাশন সংস্থা পান মেকমিলানে মিজোৰামৰ আইজল ফুটবল ক্লাবৰ ওপৰত লিখা কিতাপ এখন চলিত মাহতেই প্ৰকাশ কৰি উলিয়াবলৈ গাত লৈছে।

এই কিতাপখনৰ নাম হৈছে ‘গ’লছ অব গ্লৰী : দ্য এমেজিং ষ্টৰি অব আইজল ফুটবল ক্লাব এণ্ড ইট’ছ কোচ’

‘‘আইজল ফুটবল ক্লাবৰ জন্মলগ্নৰে পৰা আৰম্ভ কৰি কেনেদৰে শ্বিলঙৰ এটা বলীয়া নিশাত ক্লাবটো বিজয়ী হৈছিল, এই কথা বৰ্ণনা কৰিবলৈ গৈ লিখকে  ‘গ’লছ অব গ্লৰী’ কিতাপখনত ভাৰতীয় ফুটবলৰ আটাইতকৈ ৰোমাঞ্চকৰ কাহিনীটো সজীৱ কৰি তুলিছে’’ বুলি ই এছ পি এনৰ জ্যেষ্ঠ সম্পাদক শাৰদা উগ্ৰাই প্ৰকাশ কৰিছে।

২০১৬ চনত আইজল ফুটবল ক্লাবক দ্বিতীয় স্তৰলৈ অৱনত কৰা হৈছিল আৰু মুম্বাই ফুটবল ক্লাবৰ প্ৰশিক্ষক খালিদ জামিলক অপসাৰিত কৰা হৈছিল। তাৰ পাচত তেওঁলোক বাহিনীসমূহৰ সৈতে একত্ৰিত হৈ ২০১৭ চনত লীগৰ চেম্পিয়ন হৈছিল। ভাৰতীয় ফুটবলৰ ইতিহাসৰ এইটো হৈছে আটাইতকৈ হতচকিত কৰিব পৰা প্ৰত্যাৱৰ্তনৰ কাহিনী।

লিখক নীল শৰ্মাই কিতাপখনত ক্লাবটোৰ এই আশ্বৰ্যকৰ বিজয়ৰ কথাকেই লিপিবদ্ধ কৰা নাই, চাৰি দশক পূৰ্বে মিজোৰামত ফুটবলৰ বিকাশ আৰু সমৰ্থন ভেটিটোৰ কথাও বৰ্ণনা কৰিছে। এই কিতাপখনত বিজয়ী হোৱাৰ বাবে একত্ৰিত হোৱা কাকতালীয় ঘটনাৱলী উদ্ঘাটন কৰিছে আৰু সকলো বেয়া আঁতৰ কৰি নেৰানেপেৰা প্ৰচেষ্টা, আৱেগ আৰু সাহসে কেনেদৰে বিজয়ী কৰে তাৰ প্ৰেৰণাদায়ক কাহিনী বৰ্ণিত কৰা আছে।

কিতাপখনত  পেৰিছৰ ১৯১৪ৰ প্ৰথম বিশ্বযুদ্ধৰ সময়ৰ পৰা ২০১৭ লৈকে মিজোৰামৰ ফুটবলৰ ইতিহাস বৰ্ণনা কৰা আছে। দ্বিতীয় খণ্ডত ২০১৭ চনত আইজল ফুটবল ক্লাবে আই-লীগত লাভ কৰা উল্লেখনীয় বিজয়ৰ কথা বৰ্ণনা কৰা হৈছে।

আইজল ফুটবল ক্লাবৰ এই অকল্পনীয় কৃতকাৰ্যতাৰ কাহিনীয়ে বলীউডী পৰিচালক নীৰজ পাঠকক আকৰ্ষিত কৰিছে আৰু মুম্বাইস্থিত ৰাজ্ঞানিধি এণ্টাৰটেইনমেণ্ট লিমিটেডৰ পৃষ্ঠপোষকতাত এখন চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ বাবে চুক্তিত স্বাক্ষৰ কৰিছে।

পৰিচালক পাঠকে কৈছে যে যদিহে ভালদৰে ডাবিং কৰিব পৰা যায় আইজল ফুটবল ক্লাবৰ ওপৰত নিৰ্মিত প্ৰস্তাৱিত এই চলচ্চিত্ৰখনে চীন আৰু জাপানকে ধৰি অন্যন্য দেশতো ভাল ব্যৱসায় কৰিব পাৰে।