• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পিতৃ-মাতৃক চোৱাচিতা নকৰা চৰকাৰী চাকৰিয়ালৰ কৰ্তন হ’ব দৰমহাৰ ১০-১৫ শতাংশ : স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 7, 2018 6:07 pm
Himanta
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ চহৰৰ সাংস্কৃতিক কৰ্মী তথা একালৰ প্ৰতিষ্ঠিত ব্যৱসায়ী ৰজনী খাৰঘৰীয়া আৰু তেওঁৰ পত্নী ৰুবী খাৰঘৰীয়াই নিজৰ একমাত্ৰ পুত্ৰ সন্তান দেৱাশিসৰ দ্বাৰা অৱহেলিত হৈ অস্বাভাৱিক মৃত্যুক আঁকোৱালি ল’ব লগীয়া হোৱা হৃদয়বিদাৰক ঘটনাটোৰ পিছত ৰাজ্যজুৰি প্ৰতিক্ৰিয়া চলি থকাৰ মাজতে চৰকাৰে ‘প্ৰণাম’ আইনৰ জৰিয়তে পিতৃ-মাতৃক অৱজ্ঞা কৰা চৰকাৰী কৰ্মচাৰীসকলৰ ওপৰত বিহিত ব্যৱস্থা লোৱাৰ কথা সদৰী কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখযোগ্য যে, শনিবাৰে স্বাস্থ্য বিভাগৰ অধীনত ১০৬৫গৰাকী স্বাস্থ্য কৰ্মীক নিযুক্তি প্ৰদান অনুষ্ঠানৰ অন্তত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে শিৱসাগৰত সংঘটিত হৈ যোৱা দুৰ্ভাগ্যজনক ঘটনাটোৰ পৰিপ্ৰেক্ষিতত চৰকাৰী কৰ্মচাৰীসকলক সকীয়াই দিয়া হৈছে যে তেওঁলোকে যদি নিজৰ পিতৃ-মাতৃক চোৱাচিতা নকৰে, তেন্তে ‘প্ৰণাম’ আইনৰ অধীনত দৰমহাৰ ১০-১৫ শতাংশ ধন কাটি ৰাখি সেই ধন পিতৃ-মাতৃক দিয়া হ’ব।

Apply Now

“এইটো কৰিব নুখুজিলেও কৰাৰ অধিকাৰ চৰকাৰৰ আছে।” এইবুলি কৈ মন্ত্ৰীজনে কয়, “প্ৰণাম আইন বিধান সভাত পাছ হৈ গ’ল। অহা কেবিনেটত নীতি-নিৰ্দেশনাসমূহত অনুমোদন হ’ব।”

তেওঁ লগতে কয়, “নীতি-নিৰ্দেশনাসমূহ অনুমোদন হোৱাৰ পাছতেই প্ৰণাম আয়োগ এখন গঠন কৰা হ’ব। যিসকল চৰকাৰী কৰ্মচাৰীয়ে পিতৃ-মাতৃক চোৱা-চিতা কৰা নাই, তেওঁলোকৰ পিতৃ-মাতৃয়ে যদি প্ৰণাম আয়োগত আবেদন কৰে, তেন্তে পৰিস্থিতি সাপেক্ষে কোষাগাৰে কৰ্মচাৰীজনৰ দৰমহাৰ পৰা ১০-১৫ শতাংশ কৰ্তন কৰি পিতৃ-মাতৃক দিব।”

অহা ২ অক্টোবৰ অথ্যাৎ গান্ধী জয়ন্তীৰ পৰাই প্ৰণাম আয়োগৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হ’ব বুলি ঘোষণা কৰে মন্ত্ৰীজনে।

আনহাতে, ১০৬৭গৰাকী স্বাস্থ্য কৰ্মীক নিযুক্তি প্ৰদান অনুষ্ঠানতো অংশগ্ৰহণ কৰি নতুনকৈ নিযুক্তি পোৱা নাৰ্ছ আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলকো প্ৰণাম আইনখনৰ কথা অৱগত কৰাৰ লগতে তেওঁলোকে পোৱা দৰমহাৰে পিতৃ-মাতৃক চোৱা-চিতা কৰিবৰ বাবে অনুৰোধ জনায়।

তেওঁ লগতে কয়, “প্ৰণাম আইনত যাবলৈ কি প্ৰয়োজন? সন্তানসকলে দৰমহাৰ ২০-৩০ শতাংশ পিতৃ-মাতৃক দিয়াটো কৰ্তব্য।”

আনহাতে, উক্ত সভাতে তেওঁ কন্যা সন্তানসকলক উদ্দেশ্যি কয়, “কন্যা সন্তান সকলেও এটা কথাত গুৰুত্ব দিব লাগে যে স্বামী অথবা পুত্ৰক তেওঁলোকে পাছত পাইছে, কিন্তু তাৰ আগতে বহুকেইটা দিন পিতৃ-মাতৃক পাইছে, সেয়েহে তেওঁলোকে বিয়া হৈ যোৱাৰ পাছতো পিতৃ-মাতৃক চোৱাচিতা কৰিব লাগে।”

ইয়াৰোপৰি তেওঁ পিতৃ-মাতৃক ‘জীৱন্ত ভগৱান, জীৱন্ত আল্লা আৰু জীৱন্ত ঈশ্বৰ’ বুলি আখ্যা দিয়াৰ লগতে নৱনিযুক্ত স্বাস্থ্যকৰ্মীক উদ্দেশ্যি কয়, “আপোনালোকে দৰমহা পোৱাৰ প্ৰথম দিনটোৰ পৰা পিতৃ-মাতৃক চোৱা-চিতা কৰাটোক দায়িত্ব আৰু কৰ্তব্য হিচাপে গ্ৰহণ কৰিব।”

আনহাতে স্বাস্থ্য বিভাগৰ উদ্যোগত অসমত জনসংখ্যা নীতি আৰম্ভ কৰা হৈছে, বুলি সদৰী কৰি মন্ত্ৰীজনে কয়, “এই নীতি হ’লে চৰকাৰী কৰ্মচাৰীসকলে দুটাতকৈ বেছি সন্তান জন্ম দিলে অসুবিধাৰ সন্মুখীন হ’ব। বিল পাছ হৈ আছে, প্ৰক্ৰিয়াৰ মাজত আছে যদিও অহা ১-২ মাহৰ ভিতৰত প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ’ব।”

তাৎপৰ্য্যপূৰ্ণভাৱে তিনি নম্বৰ সন্তান জন্ম হোৱাৰ লগে লগে এই জনসংখ্যা নীতিৰ অধীনত কৰ্মচাৰীজনক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ব বুলি তেওঁ উক্ত সভাতে সদৰী কৰে। লগতে তেওঁ এইটো কোনো উপদেশ, পৰামৰ্শ নহয়, এইটো এখন আইন বুলি উল্লেখ কৰে।

স্বাস্থ্য বিভাগৰ মূলমন্ত্ৰ এটাই যে মানুহে স্বাস্থ্যকৰ জীৱন লাভ কৰিব পাৰে। যদি এগৰাকী কমবয়সীয়া নাৰীয়ে সন্তানৰ পাছত সন্তান জন্ম দি থাকে তেন্তে প্ৰসৱজনিত মৃত্যুৰ সংখ্যা বাঢ়িব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd