পুনৰ অনুষ্ঠিত কৰা হ’ব অৰুণাচল অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষা

পাকিস্তানৰ এটা ৱেবছাইটত প্ৰকাশ পোৱা অৰুণাচল অসামৰিক সেৱাৰ পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ মোহৰযুক্ত প্ৰশ্নকাকতৰ বিষয়টোৱে ৰাজ্যখনত সৃষ্টি কৰা আন্দোলনৰ পৰিসমাপ্তি ঘটাই অৰুণাচল লোকসেৱা আয়োগে অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে।

উক্ত ঘটনাটোৱে ৰাজ্যখনত সবৰ্ব্যাপী প্ৰতিবাদৰ সূচনা কৰিছিল। পৰীক্ষাৰ্থীসকলে লোকসেৱা আয়োগৰ কাৰ্যালয়ৰ সন্মুখত পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন কৰিছিল। তেওঁলোকে পৰীক্ষা নিয়ন্ত্ৰকগৰাকীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ লগতে এগৰাকী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অথবা কাৰ্যবাহী ন্যায়িক দণ্ডাধীশৰ নেতৃত্বত তদন্ত কমিটি গঠনৰ দাবী উত্থাপন কৰিছিল।

সোমবাৰে পিপুলছ পাৰ্টি অফ অৰুণাচলে এখোপ আগবাঢ়ি পৰীক্ষাৰ্থী সকলে বিভিন্ন বিকল্প বিষয়ৰ পৰীক্ষাত বহাৰ বৰ্তমান ব্যৱস্থাটোৰ পৰিৱৰ্তন বিচাৰিছিল। দলটোৱে আয়োগৰ অধ্যক্ষক দিয়া এখন স্মাৰকপত্ৰত লিখিছে যে আয়োগৰ মান উন্নত কৰি তুলিবলৈ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ আৰ্হিত বিভিন্ন বিষয় পঢ়ি অহা ছাত্ৰ-ছাত্ৰীৰ বাবে এখন উমৈহতীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্নকাকত বাধ্যতামূলক কৰিব লাগে।

তেওঁলোকে কয় যে এই  ব্যৱস্থাই কিছুমান কাকত জটিল হৈছে বা সহজ হৈছে বুলি অহা অভিযোগবোৰ আঁতৰ কৰিব।

প্ৰশ্নকাকত প্ৰস্তুত কৰাৰ বাবে দায়িত্ব দিয়া এজেন্সিটোৰ বিৰুদ্ধে শীঘ্ৰেই কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈয়ো তেওঁলোকে দাবী উত্থাপন কৰিছে।