পুনৰ দুভাগত বিভক্ত হ’ল সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা, চমুকৈ আমছু। সোমবাৰে মহানগৰীত হোৱা সংগঠনটোৰ এখন অভিৱৰ্তনত এবছৰ পুৰণি কমিটীখন ভংগ কৰি নতুনকৈ ৫১জনীয়া এখন কমিটী গঠন কৰা হয় আৰু পূৰ্বৰ কমিটীখনক অবৈধ ঘোষণা কৰা হয়। ইয়াৰ ফলত সংগঠনটোৰ ভিতৰত যে ক্ষমতা হস্তগত কৰাৰ তীব্ৰ যুঁজ চলি আছে সেই কথাও প্ৰমাণ হয়।
অভিৱৰ্তনত নতুন সমিতি গঠন কৰাৰ পিছত এখন সংবাদমেল সম্বোধন কৰে সংগঠনটোৰ নতুন সমিতিয়ে। হাতীগাওঁ অঞ্চলত থকা ৰম্ভা মাধৱ বিবাহ ভৱনত দিয়া এই সংবাদমেলত জানিবলৈ দিয়া মতে, প্ৰাক্তন সভাপতি আজিজুৰ ৰহমানক সভাপতি হিচাপে লৈ আমছুৰ নতুন কমিটীখন গঠন কৰা হয়।
ইয়াৰোপৰি ৫১জনীয়া নতুন কমিটীখনে অবৈধ ঘোষণা কৰে ৰেজাউল কৰিম সৰকাৰৰ নেতৃত্বাধীন আমছুৰ কেন্দ্ৰীয় কমিটীক।
অভিৱৰ্তনত ৰাজ্যৰ বিভিন্ন জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ লগতে নতুন সমিতিত সমৰ্থন কৰা বুলি সংবাদমেলত জানিবলৈ দিয়ে।
সংবাদমেলত জনোৱা মতে, এই অভিৱৰ্তনত অসমৰ সংখ্যালঘু জনগণে সন্মুখীন হৈ অহা বিভিন্ন সমস্যাৰ বিষয়ে পৰ্যালোচনা কৰা হয়। লগতে নাগৰিক পঞ্জীৰ খচৰা প্ৰকাশৰ পিছত বিভিন্ন কাৰণত নাম বাদ পৰা সংখ্যালঘু সম্প্ৰদায়ৰ দুখীয়া, অশিক্ষিত লোকসকলে সন্মুখীন হ’ব পৰা পৰিস্থিতিৰ বিষয়েও আলোচনা কৰা হয়।
আনহাতে এই বিষয়টো পৰ্য্যালোচনা কৰিবলৈ অহা ২৮ জুলাইত গুৱাহাটীত অসমৰ বিশিষ্ট বুদ্ধিজীৱী, চিন্তবিদসকলক লৈ এখন নাগৰিক সভাৰ আয়োজন কৰা বুলি নেতৃবৰ্গই জানিবলৈ দিয়ে।