সাহিত্য সৃজন সন্মানেৰে সন্মানিত বিশ্বনাথৰ অৰ্জুন নিৰলা আৰু প্ৰেম বিশ্বকৰ্মা

IMG-20180517-WA0022

দুদিনীয়া কাৰ্যসূচীৰে ১২ আৰু ১৩ মে’ত তেজপুৰত অনুষ্ঠিত হোৱা পূৰ্বোত্তৰ হিন্দী সাহিত্য একাডেমিৰ ত্ৰিবাৰ্ষিক অধিবেশনত বিশ্বনাথৰ মধুপুৰ নিবাসী প্ৰেম বিশ্বকৰ্মা আৰু পানীভৰালৰ নিবাসী ব্যঙ্গ কবি অৰ্জুন নিৰলাক সাহিত্য সৃজন সন্মানেৰে বিভূষিত কৰা হয়।

পূৰ্বোত্তৰ হিন্দী সাহিত্য একাডেমিৰ সচিব ৰীতা সিং সৰ্জনাৰ সম্পাদনাত প্ৰকাশ হোৱা “আতুৰ শব্দ” নামৰ কবিতা সংকলনত প্ৰেম বিশ্বকৰ্মাৰ “হমাৰা অৰুণাচল” আৰু “বসন্ত ঋতু”, অৰ্জুন নিৰলাৰ “লড়খড়াতে হেই কদম” আৰু “বন্দে ভাৰত” কবিতা প্ৰকাশ পাইছিল।

অনুষ্ঠানৰ প্ৰথম দিনা ৰীতা সিং সৰ্জনাই আঁত ধৰা অনুষ্ঠানত ড০ নথমল তিবডেৱালাই অধ্যক্ষতা কৰে। আনহাতে অনুষ্ঠানত মুখ্য অতিথি হিচাবে শোণিতপুৰৰ অতিৰিক্ত উপায়ুক্ত কিষাণ শৰ্মা আৰু বিশিষ্ট অতিথি হিচাবে হিমাচল প্ৰদেশৰ ড০ ইন্দ্ৰসিং ঠাকুৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ড০ ৰীতামণি বৈশ্য, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ অধ্যাপক ড০ অনুশব্দই উপস্থিত থাকে।

অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় কৰ্মশালাত নেপালৰ বিশিষ্ট সাহিত্যিক ৰাজেন্দ্ৰ গুৰাগাই, অসমৰ ড০ প্ৰীতি বৈশ্য, পূজা বৰুৱা, দণ্ডিৰাজ উপাধ্যায় আৰু জয়ন্ত শৰ্মাই নিজৰ নিজৰ কাৰ্যপত্ৰ প্ৰস্তুত কৰে।

আনহাতে ড০ গোমা দেবী শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত বহুভাষী কবি গোষ্ঠীত অসমীয়,  নেপালী, হিন্দী, মণিপুৰী আদি ভাষাত প্ৰবীণ কবিসকলে স্বৰচিত কবিতা পাঠ কৰা পৰিলক্ষিত হয়।

দ্বিতীয় দিনা নেপালৰ প্ৰসিদ্ধ কবি বসন্ত চৌধুৰীয়ে হিন্দী, ইংৰাজী, নেপালী আৰু বঙালী এই চাৰিটা ভাষাত ৰচনা কৰা “বসন্ত” নামৰ গ্ৰন্থ,  ৰাজেন্দ্ৰ গুৰাগাইৰ “প্ৰতিবিম্ব হৰায়েকো মাঞ্চে” নামৰ কবিতা সংকলন ড০ ইন্দ্ৰসিং ঠাকুৰে উন্মোচন কৰে।

ইয়াৰ লগতে হিন্দী সাহিত্যৰ ক্ষেত্ৰত বিভিন্ন অৱদান আগবঢ়োৱাৰ বাবে পূৰ্বোত্তৰ সাহিত্য সন্মান, সমাজ সৃজন সন্মান, পত্ৰকাৰিতা সৃজন সন্মান, কলা সৃজন সন্মান, নৱীন সাহিত্য সৃজন সন্মান আদি প্ৰদান কৰা হয়।

যুৱ সাহিত্যিক অৰ্জুন নিৰলা আৰু প্ৰেম বিশ্বকৰ্মাই সাহিত্য সৃজন সন্মান লাভ কৰিবলৈ সক্ষম হোৱাত বিশ্বনাথৰ বিভিন্ন দল-সংগঠনে অভিনন্দন জ্ঞাপন কৰিছে।