পৃথক ৰাজ্যৰ দাবীত আন্দোলনৰ হুংকাৰ আদিবাসী জাতীয় মহাসভাৰ

img21917070118

যদিহে ২০১৯ চনৰ পূ্ৰ্বে ৰাজ্য চৰকাৰে আদিবাসী জনগোষ্ঠীটোক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে তেন্তে আদিবাসী জাতীয় মহাসভাই পৃথক ৰাজ্যৰ দাবীত ৰাজ্যখনত ব্যাপক ৰূপত আন্দোলন আৰম্ভ কৰিব। এইদৰে তাৎপৰ্যমূলক মন্তব্য কৰে আদিবাসী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বীৰসিং মুণ্ডাই।

কোকৰাঝাৰত আমগুৰিত বৃহস্পতিবাৰে আদিবাসী জাতীয় মহাসভাৰ উদ্যোগত অনুষ্ঠিত হয় বিশাল গণ সমাৱেশ। ৰাজ্যৰ চাওতাল, উৰাও, মুণ্ডা, গড়, খাৰিয়া, চাওৰা, কিষান, প্ৰজা, বেদীয়া আদি বিভিন্ন জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণ কৰা তথা যুদ্ধবিৰত আদিবাসী বিদ্ৰোহী সংগঠনসমূহৰ সমস্যা সমাধানৰ দাবীত অনুষ্ঠিত হোৱা উক্ত সমাৱেশত কেইবা সহস্ৰাধিক আদিবাসী জনতাই অংশগ্ৰহণ কৰে।

সমাবেশখনত উপস্থিত থকা আদিবাসী জাতীয় মহাসভাৰ সংগ্ৰামী গোটৰ সভাপতি বয়েল হেমব্ৰমে শীঘ্ৰে আদিবাসী জনগোষ্ঠীক জনজাতিকৰণ কৰা দাবী উত্থাপন কৰাৰ লগতে আলোচনাৰ জৰিয়তে বিদ্ৰোহী সংগঠনসমূহৰ দাবী সমাধান কৰাৰ আহ্বান জনায়। তাৰোপৰি উচ্ছেদিত আদিবাসী কৃষকক ভূমি  আবণ্টন দিয়া, চাহ শ্ৰমিকক ভূইমি আবণ্টন দিয়াৰ লগতে আন বিভিন্ন দাবী শীঘ্ৰে সমাধানৰ বাবে চৰকাৰক দাবী জনায়।

ইফালে সংগঠনটোৰ সাধাৰণ সম্পাদক বীৰ সিং মুণ্ডাই জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকাক তীব্ৰ সমালোচনা কৰা দেখা যায়। তেওঁ শীঘ্ৰে আদিবাসী জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ আহ্বান জনায়। আনহাতে চৰকাৰে জনগোষ্ঠীটোক নিঃশেষ কৰাৰ চক্ৰান্ত কৰাৰো অভিযোগ উত্থাপন কৰে সাধাৰণ সম্পাদক মুণ্ডাই।