বিগত কংগ্ৰেছ চৰকাৰৰ শাসনকালত হিতাধিকাৰীক ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সামগ্ৰী যোগান ধৰাৰ নামত সংঘটিত বৃহৎ কেলেংকাৰিৰ তথ্য পোহৰলৈ আহিছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ তদন্তত। মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত মাত্ৰ এটা সমষ্টি বটদ্ৰবাত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সামগ্ৰী যোগানৰ নামত হোৱা কেলেংকাৰিৰ তদন্ত আৰম্ভ কৰে।
তদন্তত ইয়াৰে এখন সমবায়ৰ অধীনতে বহু কোটি টকাৰ দুৰ্নীতি ধৰা পেলাবলৈ সক্ষম হৈছে তদন্তকাৰী দলে। তথ্য অনুসৰি কেৱল আটা যোগানৰ নামতে ১১ কোটি টকাৰ দুৰ্নীতি সংঘটিত হৈছিল। হিতাধিকাৰীক ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ আটা যোগান নধৰাকৈয়ে কাগজে-পত্ৰই যোগান ধৰা দেখুৱাই ১১ কোটি টকা আত্মস্যাৎ কৰা হৈছিল।
মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ পৰা লাভ কৰা তথ্য অনুসৰি নগাঁও জিলাৰ বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত ‘বটদ্ৰৱা সত্ৰ সমবায় সমিতি’য়ে সংঘটিত কৰিছিল এই বৃহৎ কেলেংকাৰি। সমবায়খনৰ অধীনস্থ ৩৭খন সুলভমূল্যৰ দোকান তথা এজেণ্টৰ লগতে আটা যোগনিয়াৰ দুখন প্ৰতিষ্ঠানৰ লগত গোপন বুজাবুজি কৰি সমবায়খনে এই বৃহৎ কেলেংকাৰি সংঘটিত কৰিছিল।
প্ৰাৰম্ভিক তদন্তৰ তথ্য অনুসৰি উক্ত কেলেংকাৰিৰ সৈতে সমবায়খনৰ সভাপতিকে ধৰি কেইবাজনো বিষয়ববীয়া কেলেংকাৰিটোত জড়িত থকাৰ লগতে একাংশ ব্যৱসায়ী তথা ৰাজনৈতিক নেতা জড়িত হৈ আছিল। ইতিমধ্যে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে উক্ত কেলেংকাৰি সন্দৰ্ভত যাৱতীয় তথ্য অসমৰ বিশেষ ন্যায়াধীশৰ আদালতত দাখিল কৰিছে।
উল্লেখযোগ্য যে ২০১১ চনৰ পৰা ২০১৬ চন পৰ্যন্ত বটদ্ৰৱাত এই কেলেংকাৰি সংঘটিত হৈছিল । কেলেংকাৰি সংঘটিত হোৱাৰ সময়ত বটদ্ৰৱাৰ বিধায়ক আছিল গৌতম বৰা। ধাৰাবাহিকভাৱে সংঘটিত হোৱা এই বিয়াগোম কেলেংকাৰিৰ তদন্ত বিচাৰি বৰ্তমানৰ স্থানীয় বিধায়িকা আঙুৰলতা ডেকাৰ জৰিয়তে একাংশ স্থানীয় লোকে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষত অভিযোগ দাখিল কৰিছিল। উক্ত অভিযোগৰ ভিত্তিত তদন্তকাৰী সংস্থাটোৰ ১/২০১৮ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।