• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰকাশ পালে কৃষক নেতা অখিল গগৈৰ ‘’অসমীয়া জাতীয়তাবাদ-স্বাধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম’’ শীৰ্ষক গ্ৰন্থ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 13, 2018 8:27 pm
অখিলৰ গ্ৰন্থ মুকলি
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ বিভিন্ন সমস্যা অথবা চৰকাৰৰ কিছুমান কাম-কাজৰ বিৰোধিতাৰে ৰাজপথত সংগ্ৰাম কৰা সংগ্ৰামী কৃষক নেতা অখিল গগৈয়ে পুনৰ ভুমুকি মাৰিলে এগৰাকী লেখক হিচাপে। অসমীয়া জাতীয়তাবাদৰ বিভিন্ন দিশ সামৰি এইবাৰ অখিল গগৈয়ে লিখি উলিয়ালে ‘’অসমীয়া জাতীয়তাবাদ : স্বাধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম শীৰ্ষক গ্ৰন্থখনি।

গ্ৰন্থখনৰ লেখক অখিল গগৈয়ে আমাক জানিবলৈ দিয়া অনুসৰি উক্ত গ্ৰন্থখনি কেৱল অসমীয়া জাতীয়তাবাদৰ উত্থান-পতনৰ ইতিহাসেই নহয়, ইয়াত অসমৰ জাতীয় জীৱনৰ অমূল্য কিছুমান দলিলো প্ৰকাশ কৰা হৈছে। আনহাতে কিতাপখনৰ পৰিশিষ্টত অসমীয়া জাতিৰ জাতীয় স্বাধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰামৰ লগত জড়িত ১০ খন মূল্যবান দলিল প্ৰকাশ কৰা হৈছে।

Apply Now

পানবজাৰৰ ‘বনলতা’ প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা ১৯ টা অধ্যায় সন্নিবিষ্ট ২৮০ পৃষ্ঠাৰ এই গ্ৰন্থখন উন্মোচন কৰে কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ উদয়াদিত্য ভড়ালী, বিশিষ্ট সাংবাদিক তথা প্ৰাগ চেনেলৰ মুখ্য সম্পাদক অজিত কুমাৰ ভূঞা, বিশিষ্ট জাতীয়তাবাদী লেখক ড০ অপূৰ্ব কুমাৰ ভূঞা আৰু ড০ মনোৰমা শৰ্মাই।

গ্ৰন্থখনি লেখক গগৈয়ে তেওঁৰ পিতৃ বলোৰাম গগৈ আৰু মাতৃ প্ৰিয়দা গগৈৰ নামত উছৰ্গা কৰিছে।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গান্ধীবস্তিস্থিত মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত উক্ত গ্ৰন্থ উন্মোচনী সভাত গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাই কয়, ‘অখিল গগৈ সমগ্ৰ দেশতে এগৰাকী সংগ্ৰামী নেতা হিচাপে পৰিচিত হৈছে। অসমতো কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অবিৰাম সংগ্ৰামৰ জৰিয়তে এটা নতুন অধ্যায়ৰ সূচনা কৰিবলৈ সক্ষম হৈছে।‘

‘এফালে ৰাজপথত অখিলে সংগ্ৰাম চলাইছে’ বুলি মত প্ৰকাশ কৰি ভূঞাই লগতে কয় যে একেসময়তে তেওঁ তথ্য আৰু বিশ্লেষণেৰে এখন বৌদ্ধিক সংগ্ৰাম অৱ্যাহত ৰাখিছে।

আনহাতে জাতীয়তাবাদী বিষয়টো জটিল আৰু ব্যাপক বিষয় বুলি উল্লেখ কৰি তেওঁ কয়, ‘আমি যদি অসমীয়া জাতীয়তাবাদৰ ভেটি বা বুনিয়াদৰ কথা ভাৱো তেন্তে শংকৰদেৱতকৈও আগৰ সময়ছোৱালৈ আমি উভতি যাব লাগিব কাৰণ শংকৰদেৱে নিজেই কৈছিল মাধৱ কন্দলী হৈছে আদি গুৰু।‘

জাতি গঠনৰ প্ৰক্ৰিয়াটো ৭০০ বছৰ ধৰি চলি থকা বুলি সদৰী কৰি সাংবাদিক ভূঞাই লগতে কয় যে এটা সময়লৈকে এই জাতি গঠনৰ প্ৰক্ৰিয়াটো সঠিকভাৱে চলি গৈছিল যদিও এটা সময়ত ই জটিলতাত প্ৰৱেশ কৰিছিল।

আনহাতে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা তথা কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ উদয়াদিত্য ভড়ালীয়ে অখিল গগৈৰ প্ৰচেষ্টাত আনন্দ লাভ কৰা বুলি কোৱাৰ লগতে কয় যে অখিল গগৈয়ে জাতিটোৰ সংকটৰ সময়ত সম্পূৰ্ণ ঐতিহাসিক দলিলসমূহৰ জৰিয়তে যিখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়ালে তাৰ পৰা এই আসোঁৱাহবোৰ আঁতৰ হোৱাত বিশেষ ভূমিকা গ্ৰহণ কৰিব।

‘জাতীয়তাবাদ, জাতি আৰু জাতীয় জীৱন গঠনৰ যিবোৰ উপকৰণ সেই দুটা বিষয় সম্পূৰ্ণ পৃথক। জাতি বিচাৰি যদি শংকৰদেৱ পাওঁগৈ, ‘অসম’ শব্দটো লিখিতভাৱে শংকৰদেৱৰ লিখনিসমূহতে প্ৰথমে দেখিবলৈ পোৱা গৈছিল, তাৰ আগেয়ে ক’তো পাবলৈ নাই। প্ৰকৃতাৰ্থত এক বৃহত্তৰ অসমীয়া জাতীয় জীৱন গঠনত, নাগৰিকত্ব সংশোধনী বিধেয়ক উৎখাত কৰাত, ধৰ্ম নিৰপেক্ষ সমাজ গঢ় দিয়াত এই গ্ৰন্থখনে আমাক সহায় কৰিব,‘ -ভড়ালীয়ে এইদৰে কয়।

আনহাতে উক্ত গ্ৰন্থ উন্মোচনী সভাতে উপস্থিত থকা বিশিষ্ট লেখিকা ড০ মনোৰমা শৰ্মাই অখিল গগৈৰ লিখনিৰ সৈতে সকলোকে একমত নহ’বলৈ আহ্বান জনাই কয় ‘কোনো লোকে যদি কষ্ট কৰি এখন গ্ৰন্থ লিখে, পাঠকসকলে যদি ভাল লিখা বুলিয়েই শলাগি থাকে তেন্তে সেই গ্ৰন্থৰ মূল্য নাথাকিব। এখন গ্ৰন্থক লৈ বিতৰ্ক অথবা সমালোচনা হ’বই লাগিব।‘

‘কেৱল ৰাস্তাত সংগ্ৰাম কৰাই নহয়, অখিলৰ এটা চিন্তাশীল মন আছে, বিশ্লেষণ কৰিব পৰা শক্তি আছে। গতিকে মই ভাৱো যে এই গ্ৰন্থখন তাৰেই প্ৰতিফলন,‘- অখিলৰ প্ৰশংসাত পঞ্চমুখ হৈ ড০ শৰ্মাই কয়।

তদুপৰি গ্ৰন্থ উন্মোচন কৰি বিশিষ্ট সাংবাদিক  অদীপ ফুকনে এটা জটিল বিষয়ক কেন্দ্ৰ কৰি অখিলে গ্ৰন্থখন লিখি উলিয়াইছে বুলি মত পোষণ কৰাৰ লগতে তেওঁ কয় যে সমগ্ৰ বিশ্বৰে প্ৰত্যেকটো জাতিৰে জাতীয়তাবাদৰ ধাৰা আছে। ইয়াৰোপৰি আধুনিক অসমৰ জাতীয়তাবাদৰ ধাৰাটো লক্ষ্য কৰিলে দেখা যায় যে এই ধাৰা ৪০ বছৰৰ পূৰ্বৰে পৰা সংগঠিত ৰূপত আগবাঢ়িছিল।

‘’১১ টা জাতীয়তাবাদৰ ধাৰাৰ ভিতৰত মই ভাৱো আটাইতকৈ গণতান্ত্ৰিক জাতীয়তাবাদটো হ’ল শোষিত জনগণৰ জাতীয়তাবাদ যাক বৈপ্লৱিক জাতীয়তাবাদ বুলি কোৱা হয়। যদিও ৪০ টা বছৰ জাতীয়তাবাদৰ ধাৰাত আগবাঢ়িছো, তথাপিও এই ধাৰা স্পষ্ট নোহোৱাৰ কাৰণে বিভিন্ন সময়ত জাতি-ধৰ্ম ভাষাক লৈ সংঘাতৰ সৃষ্টি হৈছিল। বৈপ্লৱিক জাতীয়তাবাদৰ আধাৰত সকলোকে লগত লৈ আগবাঢ়িব পাৰি,’- অদীপ ফুকনে এইদৰে কয়।

আনহাতে, গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থকা বিশিষ্ট জাতীয়তাবাদী লেখক ড০ অপূৰ্ৱ কুমাৰ বৰুৱাই অখিল গগৈৰ গ্ৰন্থখনে অসমৰ সামাজিক প্ৰেক্ষাপটত ঘটি থকা ঘটনা তথা সমস্যাসমূহ সমাধান হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি কোৱাৰ উপৰিও গ্ৰন্থখন প্ৰকাশ কৰাৰ বাবে অখিলক ধন্যবাদ জ্ঞাপন কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

July 4, 2026 11:13 am
চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

July 4, 2026 10:42 am
সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

July 4, 2026 10:02 am
বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

July 4, 2026 8:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

July 4, 2026 11:13 am
চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

July 4, 2026 10:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd