NORTHEAST NOW (Assamese)

প্ৰচণ্ড শিল বৰষুণে বহুতৰে ঘৰ-দুৱাৰৰ ক্ষতি কৰিলে মেঘালয়ৰ পশ্চিম খাচি পাহাৰ জিলাত

March 30, 2018 10:08 pm · এন ই নাও নিউজ

মেঘালয়ত আজি প্ৰচণ্ড শিল বৰষুণে বহু ঠাইত বিভিন্ন ধৰণৰ ক্ষতি কৰাৰ লগতে স্বাভাৱিক জনজীৱন ব্যাহত কৰে। আজি আবেলিৰ সময়ত ধুমুহাৰ সৈতে অহা এই শিলবৰষুণজাকে বিশেষকৈ পশ্চিম খাচি পাহাৰ জিলাৰ ৰিয়াংডো নামৰ ঠাইৰ বহুকেইঘৰ লোকৰ বাসগৃহৰ চাল উৰুৱাই নিয়ে।

ৰিয়াংডোৰ লগতে মৌচিনৰাত, মিনছো আৰু নাৰ্টিয়াঙতো শিলবৰষুণে ক্ষতিসাধন কৰে। শিলবৰষুণ শাম কটাৰ পিছত জিলা প্ৰশাসনে ক্ষয়ক্ষতিৰ বুজ লয়। অৱশ্যে কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।

আনহাতে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী কনৰাড চাংমায়ো বিভিন্ন ঠাইত হোৱা ক্ষয়ক্ষতিজনিত অৱস্থাৰ বুজ লোৱা বুলি সূত্ৰটোৱে জনাইছে।

মুখ্য মন্ত্ৰীয়ে বিভিন্ন জিলাৰ উপায়ুক্তসকলৰ সৈতে কথা পাতি ক্ষয়ক্ষতিৰ বুজ লোৱাৰ লগতে দুৰ্য্যোগ ব্যৱস্থাপনা আৰু ৰাজহ বিভাগক ক্ষয়ক্ষতিৰ মূল্যায়ন কৰিবলৈ নিৰ্দেশ দিয়ে।

‘ক্ষতিৰ সন্মুখীন হোৱা পৰিয়ালবোৰক ক্ষতিপূৰণ দিয়াৰ সকলো ধৰণৰ ব্যৱস্থা কৰা হ’ব।’ মুখ্য মন্ত্ৰীজনে কয়।

তেওঁ ৰাজহ আৰু দুৰ্য্যোগ ব্যৱস্থাপনা বিভাগৰ মুখ্য সচিব আৰু অতিৰিক্ত মুখ্য সচিবক শীঘ্ৰেই প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

Related News