এচিয়াৰ আটাইতকৈ পৰিষ্কাৰ গাঁও হিচাপে বিশ্ববিখ্যাত মেঘালয়ৰ মাওলিননং গাঁৱে এতিয়া আন এক বিশেষ গৌৰৱ অৰ্জন কৰিছে। শেহতীয়াকৈ এই অঞ্চলটোত সম্পূৰ্ণ নতুনকৈ দুবিধ জোনাকী পৰুৱাৰ প্ৰজাতি চিনাক্ত কৰা হৈছে। মেঘালয়ত বৈজ্ঞানিকভাৱে জোনাকী পৰুৱাৰ উপস্থিতি লিপিবদ্ধ কৰাৰ এয়া প্ৰথমটো ঘটনা বুলি জানিব পৰা গৈছে। এই বিৰল আৱিষ্কাৰে বৰ্তমান গৱেষক আৰু পৰিৱেশবিদসকলৰ মাজত যথেষ্ট উৎসাহৰ সৃষ্টি কৰিছে।
অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ গৱেষক এমা মেগডালিন নংলেঙৰ নেতৃত্বত চলোৱা এই বিশেষ অধ্যয়নটোত জোনাকী পৰুৱাৰ এই নতুন প্ৰজাতি দুটা ধৰা পৰে। গৱেষকসকলে এই প্ৰজাতি দুটাৰ নাম ৰাখিছে ডায়াফেনছ মেঘালয়ানাস আৰু ডায়াফেনছ মাওলিননং। ইয়াৰে দ্বিতীয়বিধ জোনাকী পৰুৱা যিহেতু পোনপ্ৰথমে মাওলিননং গাঁৱত দেখা গৈছিল, সেয়েহে গাঁওখনৰ সন্মানত ইয়াৰ নামকৰণ কৰা হৈছে।
গৱেষকসকলৰ তথ্য অনুসৰি ডায়াফেনছ মেঘালয়ানাস নামৰ প্ৰজাতিটো মেঘালয়ৰ বিভিন্ন অঞ্চলত পোৱা যায়। কিন্তু ডায়াফেনছ মাওলিননং নামৰ প্ৰজাতিটো কেৱল ভাৰত-বাংলাদেশ সীমান্তৰ ওচৰৰ মাওলিননং গাঁৱৰ অতি ঘন অৰণ্যৰ মাজতহে দেখা গৈছে। এই জোনাকী পৰুৱাবোৰে সাধাৰণতে মানুহৰ বসতি নথকা আৰু কৃত্ৰিম পোহৰৰ পৰা দূৰত থকা বাঁহনি বা নিজৰাৰ পাৰৰ দৰে প্ৰাকৃতিক পৰিৱেশত বসবাস কৰে।
পৰ্যবেক্ষণৰ সময়ত এই দুয়োবিধ জোনাকী পৰুৱাৰ মাজত কিছুমান আমোদজনক পাৰ্থক্যও দেখা গৈছে। ডায়াফেনছ মেঘালয়ানাস নামৰ জোনাকী পৰুৱাবোৰে ১৮ ৰ পৰা ২০ ডিগ্ৰী চেলচিয়াছৰ দৰে শীতল আৰু সেমেকা পৰিৱেশত থাকি ভাল পায়। ইহঁতৰ মতা পৰুৱাবোৰে মাটিৰ পৰা প্ৰায় ১০ ৰ পৰা ১৫ মিটাৰ ওপৰেৰে উৰি ফুৰে আৰু উৰন্ত অৱস্থাত ধীৰ সেউজীয়া পোহৰ বিলায়।
আনহাতে ডায়াফেনছ মাওলিননং নামৰ প্ৰজাতিটোৱে অধিক ঘন অৰণ্যৰ মাজত থাকিবলৈ পছন্দ কৰে। ইয়াৰ মতা পৰুৱাবোৰ আকাশত উৰি ফুৰে যদিও মাইকী পৰুৱাবোৰৰ পাখি নাথাকে। এই মাইকী পৰুৱাবোৰ সাধাৰণতে শিলৰ ফাঁকত বা তলত লুকাই থাকে। ইহঁতৰ বিশেষত্বটো হ’ল যে ইহঁতে খুব লাহে লাহে পোহৰ দিয়ে যদিও এই পোহৰ বহুত সময়লৈ জ্বলি থাকে।
মেঘালয়ৰ জৈৱ বৈচিত্ৰ্যৰ বাবে এই আৱিষ্কাৰটো অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে কাৰণ ইয়াৰ পূৰ্বে ৰাজ্যখনত জোনাকী পৰুৱাৰ কোনো সংৰক্ষিত নমুনা বা চৰকাৰী তথ্য নাছিল। গৱেষক দলটোৰ সদস্যা জেন ৱানৰী চাংপ্লিয়াঙৰ মতে জোনাকী পৰুৱাই আমাৰ প্ৰকৃতি কিমান সুস্থ হৈ আছে সেই কথা সূচায়। তেওঁলোকে সতৰ্ক কৰি দিছে যে বৰ্তমান বৃদ্ধি পোৱা কৃত্ৰিম পোহৰৰ প্ৰদূষণে এই সৰু পতংগবোৰৰ যোগাযোগ আৰু জীৱন ধাৰণত ব্যাঘাত জন্মাব পাৰে। মেঘালয়ৰ বিভিন্ন উচ্চতা আৰু ভৌগোলিক অৱস্থানৰ বাবে ইয়াত ভৱিষ্যতে আৰু বহুতো নতুন প্ৰজাতিৰ সন্ধান পোৱাৰ সম্ভাৱনা আছে বুলি গৱেষকসকলে আশা প্ৰকাশ কৰিছে।





