অৰুণাচলৰ বয়ন মন্ত্ৰী টামিঅ’ টাগাই অৰুণাচলৰ বয়ন উদ্যোগক উৎসাহ দিয়াৰ বাবে কেন্দ্ৰীয় বয়ন মন্ত্ৰী স্মৃতি ইৰাণীক আহ্বান জনাইছে।
বৃহস্পতিবাৰে ৰাজধানীত বয়ন মন্ত্ৰীসকলৰ এখন সভাত অৰণাচলৰ বয়ন মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় বয়ন মন্ত্ৰী স্মৃতি ইৰাণীক হস্ততাঁত আৰু হস্তশিল্প খণ্ডটোক উৎসাহিত কৰাৰ বাবে অনুৰোধ কৰি অনুণাচলৰ প্ৰতিখন জিলাতে মোজা জাতীয় সামগ্ৰী তৈয়াৰ কৰা আৰু সাজ পোচাক তৈয়াৰ কৰা কাৰখানা স্থাপন কৰাৰ বাবে অনুৰোধ জনায়।
তেওঁ ইলেক্ট্ৰিক তাঁতশাল, সূতা উৎপাদন কৰা গোট, কেঁচা সামগ্ৰীৰ ভঁড়াল, ৰেচম সূতা কটা যন্ত্ৰ আৰু প্ৰতিখন জিলাতে উন্নত সা-সুবিধাযুক্ত আধুনিক শিল্প গ্ৰাম নিৰ্মাণ কৰা আৰু আন্তঃগাঁথনি বিকাশৰ বাবে আৰু উন্নত প্ৰযুক্তিৰ নিৱেশ স্থাপন কৰাৰ বাবে এককালীন পুঁজি অনুমোদন কৰিব লাগে বুলি তেওঁ কয়।
শ্ৰীমতী টাগাই কেন্দ্ৰীয় বয়ন মন্ত্ৰীগৰাকীক বয়ন মন্ত্ৰ্যালয়ৰ অন্তৰ্গত আশ্বাস প্ৰদান কৰা কিন্তু অনুমোদিত নোহোৱা আঁচনিসমূহৰ বিষয়ে অৱগত কৰে।
কেন্দ্ৰীয় বয়ন মন্ত্ৰীগৰাকীয়ে জনায় যে নতুন নিয়ম আৰু নিৰ্দেশনা বলৱৎ হোৱা হেতুকে কিছুমান আঁচনিৰ খচৰাৰ কাম লাগে লাহে হৈ আছে কিন্তু তেওঁ সেই আঁচনিসমূহ অনুমোদিত হ’ব বুলি আশ্বাসপ্ৰদান কৰে।
অৰুণাচলৰ বয়ন মন্ত্ৰীগৰাকীৰ সৈতে বয়ন আয়ুক্ত টাহাং টাগু আৰু জনজাতি মৰ্চাৰ সভাপতি হিনিয়ুম টাচুৱেও কেন্দ্ৰীয় বয়ন মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিছিল।