প্ৰধানমন্ত্ৰী গ্ৰামীণ ডিজিটেল সাক্ষৰতা অভিযানৰ সজাগতামূলক অভিযান উদ্বোধন মুখ্য মন্ত্ৰী সৰ্বানন্দৰ

মুখ্য মন্ত্ৰী

‘তথ্যৰ সহজলভ্যতাৰ জৰিয়তেহে সকলো ধৰণৰ বাধা আৰু বিভাজন ৰোধ কৰিব পৰা যায়। এখন ডিজিটেল সমাজ নিৰ্মাণৰ জৰিয়তেহে সফল জীৱনৰ ভেটি গঢ় দিয়াটো সম্ভৱ। দেশৰ ৬ কোটি জনসাধাৰণক ডিজিটেল সাক্ষৰ কৰাৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সূচনা কৰা ‘প্ৰধান মন্ত্ৰীৰ গ্ৰামীণ ডিজিটেল সাক্ষৰতা অভিযান’ নামৰ অভিলাষী আঁচনিখনে ডিজটেল ব্যৱস্থাটোত নতুন মাত্ৰা প্ৰদান কৰিব।’ আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰ তথ্য আৰু প্ৰযুক্তি বিভাগে আয়োজন কৰা প্ৰধানমন্ত্ৰী গ্ৰামীণ ডিজিটেল সাক্ষৰতা অভিযানৰ সজাগতামূলক অভিযান উদ্বোধন কৰি ভাষণ প্ৰসংগত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে ২০১৯ চনৰ ভিতৰত এই অভিযানৰ অধীনত ১৯ লাখ লোকক ডিজিটেল সৱলীকৰণ কৰিব বিচৰা হৈছে যাতে বিভিন্ন ডিজিটেল সেৱা সমূহৰ সুযোগ ল’ব পাৰে।

মুখ্য মন্ত্ৰী গৰাকীয়ে লগতে কয় যে কৃষকসকলে ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে সৱলীকৰণ কৰিব পাৰিলে তেওঁলোকে উৎপাদিত সামগ্ৰী সমূহ বিক্ৰীৰ বাবে নতুন বজাৰত প্ৰৱেশৰ সুবিধা লাভ কৰিব। এই ক্ষেত্ৰত ‘প্ৰধান মন্ত্ৰী গ্ৰামীণ ডিজিটেল সাক্ষৰতা’ অভিযনাৰ জৰিয়তে ৰাজ্যখনৰ ২৬ হাজাৰ গাঁৱত পৰিৱৰ্তনৰ ৰেঙনি আনিব পৰা যাব বুলিও মুখ্য মন্ত্ৰীয়ে কয়।

উল্লেখযোগ্য যে এই অভিযানৰ জৰিয়তে ২০১৯ চনৰ ভিতৰত গ্ৰামাঞ্চলৰ ৪০ শতাংশ লোকক সামৰি ল’ব পৰা যাব বুলি আশা প্ৰকাশ কৰা হৈছে।

আনহাতে এই অভিযানৰ জৰিয়তে গ্ৰামাঞ্চলৰ লোকক কম্পিউটাৰ টেবলেট, স্মাৰ্টফোন ইত্যাদিৰ জৰিয়তে প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে ইণ্টাৰনেট সেৱা, ডিজিটেল পেমেণ্টৰ দৰে চৰকাৰী সেৱা, ই-মেইল কম্পজ আদি বিষয়তো জ্ঞান প্ৰদান কৰা হ’ব।

তথ্য আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই বক্তব্য প্ৰদান কৰা অনুষ্ঠানটোত তথ্য আৰু প্ৰযুক্তি বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব ৰবি কাপুৰ, সচিব নীতিন খাৰে, আমট্ৰনৰ পৰিচালন সঞ্চালক এম কে যাদৱৰ উপৰি বহু সংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।