প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎকৰিলে প্ৰফুল্ল কুমাৰ মহন্তই : অসমৰ ক্ষতি হ’ব পৰা কোনো কাম নকৰাৰ আশ্বাস মোডীৰ

প্রফুল্ল মহন্ত : ফাইল ফটো

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক মঙলবাৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই নতুন দিল্লীত সাক্ষাৎ কৰে। সাক্ষাতৰ পিছত মহন্তই সাংবাদিকৰ আগত প্ৰকাশ কৰে যে প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে তেওঁৰ এই সাক্ষাৎ আছিল সৌজন্যমূলক। অসমৰ বিভিন্ন জলন্ত সমস্যাৰাজিৰ বিষয়ে তেওঁ প্ৰধানমন্ত্ৰী গৰাকীৰ সৈতে আলোচনা কৰে।

মহন্তই অসমৰ সমস্যাসমূহ সমাধানৰ বাবে অসম চুক্তি ৰূপায়ন কৰাটো অত্যন্ত প্ৰযোজনীয় বুলি প্ৰধানমন্ত্ৰীক অৱগত কৰে। নাগিৰকত্ব সংশোধনী বিধেয়কৰ সম্পৰ্কত নিজৰ অসন্তুষ্টি ব্যক্ত কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীক জনায় যে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত হ’লে অসম বিশেষভাৱে ক্ষতিগ্ৰস্ত হ’ব। তদুপৰি এই বিধেয়কখনে অসম চুক্তিক নস্যাৎ কৰি তুলিব। সেয়েহে তেওঁ এই বিধেয়কখন সংসদত গৃহিত নকৰিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান জনায়।

মহন্তৰ আপত্তিৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে যে অসমৰ ক্ষতি হ’ব পৰা কোনো কাম কেন্দ্ৰীয় চৰকাৰে নকৰে। প্ৰধানমন্ত্ৰীৰ এই আশ্বাসত নিজৰ সন্তুষ্টি প্ৰকাশ কৰিছে মহন্তই। প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তই অসম চুক্তৰ প্ৰতিটো দফা ৰূপায়ন সম্পৰ্কতো প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰে।

হিন্দু বাংলাদেশী সংস্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত গৃহিত কৰাৰ বাবে চলোৱা প্ৰচেষ্টাৰ সময়তে তথা ৰাজ্যখনত এই বিষয়টোকলৈ সৃষ্টি হোৱা ব্যাপক প্ৰতিক্ৰিয়াৰ মাজতে বিষয়টোকলৈ মহন্তই প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ প্ৰসংগই বিশেষ তাৎপৰ্য বহন কৰিছে। উল্লেখযোগ্য যে কিছুদিন আগতে একেই বিষয়টো লৈ অসম গণ পৰিষদৰ এটা প্ৰতিনিধি দলে গৃহমন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰিছিল।