NORTHEAST NOW (Assamese)

প্ৰধান মন্ত্ৰীৰ আঁচনিৰ নামত জাঁজীত ধন সংগ্ৰহ কৰা ভুৱা প্ৰৱঞ্চকক আটক

June 7, 2018 10:14 pm · ৰাজীৱ দত্ত
‘প্ৰধান মন্ত্ৰী গ্ৰাম্য চড়ক বীমা সুৰক্ষা আচঁনি ২০১৮’ নামৰ এক ভুৱা আঁচনিৰ অধীনত বিপিএল কাৰ্ড হিতাধিকাৰীক দুই লাখ টকা দিয়াৰ প্ৰলোভনেৰে জাঁজী হাঁহচৰাত ব্যাপক হাৰত  ধন সংগ্ৰহ কৰা এটা প্ৰবঞ্চক আজি স্থানীয় সাংবাদিকৰ তৎপৰতাত  আৰক্ষীৰ জালত পৰে।
উল্লেখ্য যে জাঁজী হাঁহচৰা চূড়ামণি গাঁৱত এক ভুৱা আঁচনিৰ নাম লৈ দৰিদ্ৰ লোকৰ পৰা প্ৰিয়াংকু গগৈ নামৰ এটা প্ৰবঞ্চকে ধন সংগ্ৰহ কৰি আহিছিল। আনকি যুৱকজনে নিজকে যোৰহাট জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী পংকজ ভৰালী বুলি পৰিচয় দিয়া আৰু উপায়ুক্তৰ দ্বাৰা প্ৰেৰণ কৰা বুলি দাবী কৰি কালিৰে পৰা অঞ্চলটোত ধন সংগ্ৰহ কৰি আছিল।
ইফালে নিজা ববীয়াকৈ আঁচনি প্ৰস্তুত কৰি ছপা প্ৰ-পত্ৰ পূৰণ কৰি  দৰিদ্ৰ লোকৰ পৰা ধন সংগ্ৰহ কৰা প্ৰবঞ্চকটোৰ ওপৰত স্থানীয় সাংবাদিকৰ সন্দেহ ওপজে। ফলত স্থানীয় ৰাইজে এই সম্পৰ্কত যোৰহাটৰ অতিৰিক্ত উপায়ুক্ত তপন গোহাঁইৰ লগত যোগাযোগ কৰাত অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে তেনে কোনো আঁচনি নাই বুলি প্ৰকাশ কৰে আৰু প্ৰৱঞ্চকটোক আটক কৰি আৰক্ষীক গটাই দিয়াৰ পৰামৰ্শ দিয়ে।
আনহাতে সাংবাদিক গৰাকীয়ে টীয়ক ৰাজহচক্ৰ বিষয়া গৰাকীকো এই বিষয়ে অৱগত কৰাত ৰাজহচক্ৰ বিষয়া গৰাকী ঘটনাস্থলীত উপস্থিত হৈ প্ৰৱঞ্চকটোক আৰক্ষীক গটাই দিয়ে।

Related News