প্ৰস্তাৱিত নাগালিমত ডিমা হাচাও জিলাক অন্তৰ্ভূক্ত কৰাৰ প্ৰতিবাদত আজি পুৱাৰ পৰা আবেলি পাঁচ বজালৈকে স্থনীয় পাঁচটাকৈ সংগঠনে দিয়া ১২ ঘন্টীয়া বন্ধৰ আহ্বানত পাহাৰীয়া জিলাখনৰ জনজীৱন প্ৰায় স্তব্ধ হৈ পৰে।
এই বন্ধক কেন্দ্ৰ কৰি পাৰ্বত্য জিলাখনৰ মহকুমা সদৰ মাইবাঙত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰে।
বন্ধৰ সমৰ্থনত উত্তেজিত প্ৰতিবাদকাৰীসকলে শিলচৰ অভিমুখী এখন যাত্ৰীবাহী ৰে’ল মাইবঙ ষ্টেচনত আবদ্ধ কৰি ৰাখি প্ৰতিবাদ সাৱ্যস্ত কৰে।
প্ৰতিবাদকাৰীসকলে ৰে’লপথৰ ক্ষতি সাধন কৰাৰ ফলত বিভিন্ন ৰে’লৰ যাত্ৰাত সমস্যাৰ সৃষ্টি হয়। প্ৰতিবাদকাৰীসকলক অঁতৰাই পঠোৱাৰ বাবে মহকুমা প্ৰশাসনৰ তৰফৰ পৰা কঠোৰ ব্যবস্থা গ্ৰহণ কৰা হয়।
প্ৰশাসনৰ কঠোৰ নিয়ন্ত্ৰনৰ পাচতো সেই স্থানত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ উপক্ৰম হয়। প্ৰতিবাদকাৰীসকলে ৰে’লপথ খুলি দিয়াৰ উপৰিও মাইবং ষ্টেচনত ৰৈ থকা কেইখনমান ৰেলৰ ইঞ্জিনৰো ক্ষতি সাধন কৰে । ইয়াৰ পাছত তাত উপস্থিত থকা আৰক্ষী বাহিনীয়ে প্ৰতিবাদকাৰীক সেই স্থানৰ পৰা অঁতৰাই পঠিয়াবলৈ শক্তি প্ৰয়োগ কৰাবলৈ বাধ্য হ’য়।উত্তেজিত প্ৰতিবাদকাৰীসকলে আৰক্ষীক লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰাৰ ফলত পৰিস্থিতিৰ অধিক অবনতি ঘটা পৰিলক্ষিত হ’য়।
মাইবং ৰেল স্টেচনত আবদ্ধ হৈ থকা প্ৰায় তিনি হেজাৰ ৰে’ল যাত্ৰীৰ সুৰক্ষাৰ স্বাৰ্থত মহকুমা প্ৰশাসনে তেওলোকক মাইবঙ এইচ এছ স্কুললৈ স্থানান্তৰিত কৰি সেই স্থানতে তেওঁলোকৰ খোৱাবোৱাৰ ব্যৱস্থা কৰি দিয়ে।
পৰিস্থিতিৰ বুজ লোৱাৰ বাবে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক তৎকালিন ভাবে মাইবঙত উপস্থিত হ’য়।
ৰাস্ট্ৰীয় স্বয়ংসেবক সংঘৰ নেতা জগদম্বা মালে প্ৰস্তাবিত নাগালিমত ডিমা হাচাও জিলাৰ অন্তৰ্ভুক্তিক লৈ কৰা মন্তব্যৰ প্ৰতিবাদত জিলাখনৰ পাঁচটা সংগঠনে আজিৰ এই বন্ধৰ আহ্বান দিছিল।
এই আন্দোলনৰ সৰ্ণ্দভত জিলাখনৰ ছাত্ৰ সংগঠন ডিএছইউৰ সাধাৰণ সম্পাদক প্ৰণিত চেংগুইনে কয় যে ৰাইজে উপৰোক্ত বিষয়টোক লৈ চৰমভাবে আতঙ্কিত হৈ পৰিছে। যাৰ কাৰনে মাইবঙত এনে পৰিস্থিতিৰ উদ্ভব হ’বলৈ পালে।সংবাদমাধ্যম যোগে চেঙগুইনে মাইবঙৰ ৰাইজক শান্তি শৃংখলা অটুট ৰখাৰ বাবে আহ্বান জনায়।
ডিমাচা মাদাৰ্চ এচ’চিয়েছনৰ সভানেত্ৰী এগনেছ গাৰ্লচাৰে একেধৰনৰ মন্তব্য আগবঢ়াই কয় যে জগদম্বা মালে নগা শান্তি চুক্তিৰ খচৰাক লৈ প্ৰকাশ কৰা মন্তব্যৰ পাচত পাৰ্বত্য জিলাখনত এনে পৰিস্থিতিৰ সৃষ্টি হৈছে।প্ৰকৃততে বৰ্তমানৰ পৰিস্থিতিৰ বাবে জগদম্বা মালেই দায়ী।
তেওঁ কিন্তু এই সম্বন্ধে এতিয়ালৈকে কোনো ধৰনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই বা চৰকাৰেও তাৎক্ষনিক ভাবে তেওঁৰ মন্তব্যৰ ওপৰত কোনো ধৰনৰ লিখিত স্পষ্টীকৰন প্ৰকাশ কৰা নাই।
শেহতীয়াভাবে লাভ কৰা খবৰ অনুসৰি মাইবাং ৰে্’ল স্টেচনৰ উত্তেজিত প্ৰতিবাদকাৰীসকলক চত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে গুলীচালনা কৰাৰ ফলত প্ৰায় ১০জন লোক আহত হৈছে।আহত লোকসকলক হাফলং চৰকাৰী হাষ্পাতাললৈ স্থানান্তৰ কৰা হৈছে।