প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সাহায় এতিয়া শ্ৰেণীকোঠাত গণিতৰ শিক্ষক

Mukesh_Sahay

মহানগৰীৰ ভৰলুমুখত থকা সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠাত অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান মুকেশ সাহায়।

মাত্ৰ এমাহ আগলৈকে তেওঁ আছিল অসমৰ দৰে সন্ত্ৰাসবাদ জৰ্জৰিত এখন ৰাজ্যৰ আৰক্ষীৰ শীৰ্ষতম বিষয়া; এতিয়া শ্ৰেণীকোঠাত গণিতৰ শিক্ষক ।

এ পি জে আব্দুল কালাম, ৰঘুৰাম ৰাজনলৈ মনত পেলাই দিয়ে তেওঁৰ কামে, যিসকলে ঈৰ্ষণীয় সফলতা তথা জনপ্ৰিয়তাৰে শীৰ্ষতম পদত অধিষ্ঠিত হোৱাৰ পিছতো আকৌ শ্ৰেণীকোঠাৰ চাৰিবেৰৰ মাজত শান্তি পাইছিল ছাত্ৰ-ছাত্ৰীক প্ৰেৰণা দি। কোন এইজন বিৰল ব্যক্তিত্বৰ অধিকাৰী? তেওঁ আন কোনো নহয়, অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান মুকেশ সাহায়। যোৱা ৩০ এপ্ৰিলত তেওঁক কাহিলিপাৰাস্থিত চতুৰ্থ আৰক্ষী বাহিনীয়ে বিদায়ী পেৰেডেৰে সন্মান সহ বিদায় দিছিল। অসমৰ ৰাইজে তেওঁক দিয়া মৰমৰ কথা প্ৰায়ে কৃতজ্ঞতাৰে সুঁৱৰি অহা মুকেশ সাহায়ে এতিয়া অৱসৰ উদযাপন কৰে মহানগৰীৰ ভৰলুমুখত থকা সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক অংক শিকাই।

তেওঁ বিগত ২২ দিন বিদ্যালয়খনত উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত বৰ্ষৰ বিজ্ঞান শাখাৰ ছাত্ৰ-ছাত্ৰীসকলক অংক বিষয়ৰ ওপৰত পাঠদান আগবঢ়াই আছে। লগতে বিদ্যালয়খনৰ অধ্যক্ষই আমাক জনায় যে তেওঁ বিগত ২২ দিন যেনেকৈ শিক্ষা প্ৰদান কৰিছে তাত ছাত্ৰ-ছাত্ৰীসকল অত্যন্ত সুখী হোৱাৰ লগতে বহু সুন্দৰভাৱে তন্ন-তন্নকৈ বিষয়বোৰ আয়ত্ত কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে।

যোৱা ২২ মে’ত নৰ্থ ইষ্ট নাওৰ তৰফৰ পৰা এই ব্যতিক্ৰম প্ৰাক্তন আৰক্ষী বিষয়াজনৰ এক সাক্ষাৎকাৰ লোৱা হৈছিল। তাৰ সম্পাদিত ৰূপ পাঠকসকলৰ প্ৰতি আগ বঢ়োৱা হ’ল–

প্ৰশ্ন : আপুনি আৰক্ষী বিভাগত বহুদিন জনসাধাৰণৰ প্ৰতি সেৱা আগবঢ়াই আহিছিল। বৰ্তমান অবসৰ লোৱাৰ পিছতো আপুনি শিক্ষকতাৰ সেৱাটো নিৰ্বাচন কৰি ল’লে। এই সম্পৰ্কে আপুনি কি ক’ব?

সাহায় : আৰক্ষী আৰু শিক্ষকতা দুয়োটাকেই সেৱা হিচাপে লৈছো। আৰক্ষী বিভাগতো ৩৪ বছৰ চাকৰি কৰি চাকৰিৰ পৰা অৱসৰ ল’লো। অসমৰ ৰাইজে মোক আৰক্ষীৰ সঞ্চালক প্ৰধান পাতিলে। এইটো মোৰ কাৰণে এক গৌৰৱৰ বিষয়। কাৰণ মোৰ দৰে মানুহক ইমান এটা গধুৰ দায়িত্ব দিয়া হ’ল।

যোৱা বছৰ যেতিয়া এই বিদ্যালয়ত আহিছিলো। তেতিয়া অধ্যক্ষই কৈছিল, “আমাৰ ইয়াত অংকৰ শিক্ষক নাই”। তেতিয়া মই নিজৰ সেৱা আগ বঢ়াব পাৰিম বুলি প্ৰতিশ্ৰুতি দিছিলো। যোৱা বছৰ সেৱা আগবঢ়াব  নোৱাৰিলো কাৰণ কামৰ বহুত দায়িত্ব আছিল। বৰ্তমান দুজন অংক শিক্ষক আছে যদিও মই সিদ্ধান্ত কৰিলো যে উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ অংক বিষয়টো পঢ়াম।

মে’ মাহৰ আৰম্ভণিৰে পৰা মই ক্লাছ কৰা আৰম্ভ কৰিছিলো। মোৰ প্ৰয়াস তেতিয়াহে সফল হ’ব যেতিয়া ছাত্ৰ-ছাত্ৰীসকলে ভাল ফলাফল দেখুৱাব পাৰে। চাকৰিৰ পৰা অৱসৰৰ পিছতো মোক চৰকাৰে পেন্সন দি আছে যদিও ৰাইজৰ প্ৰতি সেৱা আগ বঢ়োৱাৰ বাবে এই বিদ্যালয়ত শিক্ষকতা কৰিম বুলি ভাবিলো।

প্ৰশ্ন : আৰক্ষী সঞ্চালক প্ৰধান হিচাপে কিমান দূৰ সফল হোৱা বুলি আপোনাৰ ভাব হয়?

উত্তৰ : মই নিজেই কেনেকৈ নিজৰ বিচাৰ কৰিম? কিন্তু মই মোৰ সাধ্যৰে যিমানখিনি পাৰো সেৱা আগ বঢ়াইছিলো। এইক্ষেত্ৰত মই চৰকাৰ, মুখ্য মন্ত্ৰী তথা ৰাইজৰ পৰা বহুখিনি সহায়-সহযোগিতা পাইছিলো। আমি কিমানখিনি ভালকৈ চম্ভালিলো আৰক্ষীৰ বিভাগটো, সেইবিষয়ে আপোনালোকে আমাতকৈ বেছি ভালদৰে জানিব।

প্ৰশ্ন : শিক্ষকতা আৰু আৰক্ষী দুয়োটা সেৱাই সমাজৰ বাবে গুৰুত্বপূৰ্ণ। কিন্তু আপোনাক যদি সোধো কোনটো বিভাগ আপুনি বেছিকৈ পচন্দ কৰে- এই ক্ষেত্ৰত আপোনাৰ উত্তৰ কি হ’ব?

উত্তৰ : দুয়োটাই মই পচন্দ কৰো তথা মোৰ বাবে দুয়োটা বিভাগেই সমানে গুৰুত্বপূৰ্ণ। বৰষুণৰ বতৰতো আৰক্ষীসকলে ৰেইনকোট পিন্ধি নাইবা নিপিন্ধাকৈ হ’লেও ৰাইজৰ স্বাৰ্থৰ খাতিৰত তথা সমাজৰ শৃংখলা বৰ্তাই ৰখাৰ ক্ষেত্ৰত সেৱা আগ বঢ়ায়। ঠিক তেনেদৰে শিক্ষকেও সমাজখন পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত তথা ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ গঢ় দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

যদি কাৰোবাৰ কিবা প্ৰতিভা আছে তেন্তে তাক উচিত ক্ষেত্ৰত প্ৰয়োগ কৰিব লাগে। শিক্ষা যদি আনক বিলাই দিয়া হয় তেন্তে নকমে, বৰঞ্চ জ্ঞান আৰু বাঢ়িহে যায়।

প্ৰশ্ন : অৱসৰ বিনোদনৰ সময়ছোৱাত বহুতে ফুৰা-চকাকে ধৰি অন্য ক্ষেত্ৰৰ সৈতে জড়িত হৈ পৰে। কিন্তু আপুনি তাতকৈ পৃথক। আপুনি কিয় অৱসৰৰ পিছত শিক্ষকতাৰ সেৱাটো নিৰ্বাচন কৰি ল’লে?

উত্তৰ : শিক্ষকতা মোৰ ভাল লাগে। লগতে যুৱ প্ৰজন্মৰ সৈতে সময় কটাই মই আনন্দ অনুভৱ কৰো। যুৱ প্ৰজন্মই যদি মোৰ পৰা কিছু শিক্ষা আহৰণ কৰিব পাৰে সেইটো মোৰ কাৰণে অতি সন্তোষৰ বিষয়। ময়ো যিমানখিনি জ্ঞান আহৰণ কৰিলো, সেইখিনিকে ময়ো সমাজলৈ পুনৰবাৰ ঘূৰাই দিব বিচাৰো।

মই নিজেই অতি দুখীয়া পৰিয়ালত জন্মগ্ৰহণ কৰিছিলো। কিন্তু মই আৰক্ষী সঞ্চালক প্ৰধান হিচাপে অৱসৰ গ্ৰহণৰ পিছতো যে ইয়াত আপোনালোকে লগ পাইছে তাৰ এটাই কাৰণ যে মই পুনৰ বিদ্যালয়লৈ আহিব পাৰো।

মই সৰু থাকোতে ঘৰত এটা সিদ্ধান্ত লৈছিলো যে প্ৰয়োজন হ’লে ভাত কমাই খাম, কাপোৰ কমদামী পিন্ধিলেও হ’ব। কিন্তু বিদ্যালয়লৈ যাব লাগে। মই বিদ্যালয়ক অত্যন্ত মহত্বপূৰ্ণ বুলি ভাবো কাৰণ ‘শিক্ষা হৈছে সমাজখন সলনি কৰিব পৰা মূল চাবি-কাঠী।

প্ৰশ্ন : আপুনি আৰক্ষী বিভাগত যোগদান কৰাৰ আগতে শিক্ষকতা কৰিম বুলি ভাবিছিল নেকি?

উত্তৰ : মই আগতেও বহু বিদ্যালয়ত সহায়-সহযোগিতা আগ বঢ়াইছো। কিন্তু মই এগৰাকী স্বীকৃতিপ্ৰাপ্ত আৰক্ষীৰ প্ৰশিক্ষক হিচাপে বহু আৰক্ষীক প্ৰশিক্ষণ দিছিলো। আইনৰ পৰা আৰম্ভ কৰি উগ্ৰপন্থীৰ বিৰুদ্ধে যুঁজ দিয়ালৈকে তথা তদন্ত কেনেকৈ কৰিব লাগে -এইবোৰৰ বিষয়ে বহুতকে প্ৰশিক্ষণ দিছিলো।

প্ৰশ্ন : এগৰাকী শিক্ষক হিচাপে আপোনাৰ এই বিদ্যালখনৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল কেনেকুৱা হোৱাটো আশা কৰে?

উত্তৰ : মই পৰীক্ষাত বেছি নম্বৰ পোৱাৰ ওপৰত গুৰুত্ব নিদিওঁ। উদাহৰণস্বৰূপে মই এইখন বিদ্যালয়ৰে অধ্যক্ষৰ পৰা জানিছিলো যে এগৰাকী ছাত্ৰীয়ে মেট্ৰিকত ৩৫ শতাংশ লাভ কৰি এই বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগ লৈ উত্তীৰ্ণ হৈছিল।

বিশ্ববিশ্ৰুত বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনো বিদ্যালয়ত পঢ়া-শুনাত বহুত দুৰ্বল শিক্ষাৰ্থী আছিল বুলি কোৱা হয়, বিল গেইটছ এজন আধাতে বিদ্যালয় এৰি দিয়া ব্যক্তি আছিল, কিন্তু তেওঁলোকক আজি বিশ্বই চিনি পায়।

শিক্ষাৰ্থীসকলৰ মূল উদ্দেশ্য হৈছে প্ৰয়াস কৰি যোৱাটো, তেতিয়া হয়তো সফলতা হ’ব পাৰে। এবাৰ বিফল হ’লে হতাশ হ’ব নালাগে। জীবনত কঠোৰ পৰিশ্ৰম কৰিব লাগে আৰু প্ৰয়োজন সাপেক্ষে নিষ্ঠুৰ পৰিশ্ৰম কৰিব লাগে।

প্ৰশ্ন : ইণ্টাৰনেটৰ বেছিকৈ ব্যৱহাৰে ছাত্ৰ-ছাত্ৰী শিক্ষাৰ ক্ষেত্ৰত কুফল কঢ়িয়াই আনিব পাৰে বুলি আপুনি ভাবে নেকি?

উত্তৰ : ইণ্টাৰনেট যদি ভাল ক্ষেত্ৰত ব্যৱহাৰ কৰে তেন্তে ভাল ফল পাব, যদি বেয়া ধৰণে ব্যৱহাৰ কৰে তেন্তে ইয়াৰ ফলাফলো বেয়া হ’ব। নিউক্লেয়াৰ শক্তিয়ে আমাক বিজুলীৰো যোগান ধৰিব পাৰে, তেনেকৈ বোমাৰে ধ্বংসও কৰি দিব পাৰে। ইণ্টাৰনেটত যিমানখিনি তথ্য পোৱা যায় সিমানখিনি তথ্য হয়তো কিতাপত নাথাকিবও পাৰে। ময়ো যিবোৰ ইংৰাজী শব্দৰ অৰ্থ চাবলগীয়া হয় সেইবোৰ আগতে অভিধানত চাইছিলো। কিন্তু এতিয়া প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ ফলত মোবাইলতে চাব পৰা হ’লো। ইণ্টাৰনেট ভালভাৱে ব্যৱহাৰ কৰিছো নে বেয়াভাৱে ব্যৱহাৰ কৰিছো -সেইটো আমাৰ ওপৰত নিৰ্ভৰ কৰিব।

প্ৰশ্ন : কিছুদিন আগৰ পৰা ধৰ্ষণৰ মাত্ৰা অসমত বৃদ্ধি পাইছে। এইক্ষেত্ৰত শিক্ষা ব্যৱস্থাটোত মূল্যবোধৰ শিক্ষাৰ অভাৱৰ ফলতে এইবোৰৰ মাত্ৰাটো বৃদ্ধি পোৱা বুলি আপুনি ভাবে নেকি? 

উত্তৰ : মূল্যবোধৰ শিক্ষা মাথো এটা উদাহৰণহে। বহু জ্ঞান থকা মানুহেই আজি-কালি এনেবোৰ অপকৰ্মত জড়িত হৈ পৰিছে। কেৱল পাঠ্যপুথিৰ জ্ঞান থাকিলেই নহ’ব। মই যদি আৰক্ষী বিভাগৰ লোক হৈ নিজে আইন উলংঘা কৰি থাকো তেতিয়া ৰাইজে কি ক’ব? বিদ্যালয়-মহাবিদ্যালয়ৰ অধ্যক্ষ হৈও যদি তেওঁৰ দায়িত্বৰ বিষয়ে নাভাবে, তেনেক্ষেত্ৰত কোনে সেই দায়িত্ব পালন কৰিব? গণতান্ত্ৰিক মূল্যবোধ, লিংগ বৈষম্য নৰখা, সকলোকে সন্মান প্ৰদৰ্শন, বিশেষকৈ শিশু, শিক্ষক, জ্যেষ্ঠলোকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবৰ বাবে পৰিয়ালৰ লোকসকলেই শিশুকালক শিক্ষা দিব পাৰে।