NORTHEAST NOW (Assamese)

প্ৰাক্তন মন্ত্ৰী তথা বৰ্ষীয়ান ৰাজনীতিক ৰচিদুল হকৰ মৃত্যু

April 26, 2018 7:26 pm · এন ই নাও নিউজ

মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ সময়তে আজি (২৬ এপ্ৰিল) ৰাজ্যখনৰ এগৰাকী বৰ্ষীয়ান ৰাজনীতিক, প্ৰাক্তন মন্ত্ৰী তথা বিধায়কৰ মৃত্যু হয়।

উল্লেখযোগ্য যে হিতেশ্বৰ শইকীয়াৰ মন্ত্ৰীসভাৰ ৰাজ্যিক পশুপালন বিভাগৰ মন্ত্ৰী, তথা ৰূপহী হাট সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰচিদুল হকৰ আজি মৃত্যু হয়। বিয়লি ৫ বজাত নগাঁৱৰ জি ডি চিকিৎসালয়ত ৮১ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে।

জানিব পৰা মতে আজি পুৱা ৯ বজাত প্ৰাক্তন মন্ত্ৰী গৰাকীৰ নগাঁৱৰ ঢেকীয়াল ফুকন মহাবিদ্যালয়ৰ সমীপৰ বাসগৃহত থাকোতে হঠাৎ উচ্চ ৰক্তচাপজনিত সমস্যাৰ বাবে অসুস্থ অনুভৱ কৰে। ফলত তাৎক্ষণিকভাৱে নগাঁৱৰ জি ডি চিকিৎসালয়ত তেওঁক ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে মন্ত্ৰী গৰাকীৰ পৰলোকপ্ৰাপ্তি ঘটে।

প্ৰাক্তন মন্ত্ৰী গৰাকী দীৰ্ঘদিন ধৰি কংগ্ৰেছ দলৰ সৈতে জড়িত হৈ সেৱা আগবঢ়োৱাৰ লগতে পিছলৈ বিজেপি দলত যোগদান কৰিছিল।

আনহাতে প্ৰাক্তন মন্ত্ৰী গৰাকীৰ মৃত্যুত নগাঁৱৰ বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰিছে।

Related News