দুৰ্নীতিকাৰী হিমন্তক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ আনি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ বিৰুদ্ধে বিধায়ক পীয়ূষ হাজৰিকাৰ গোচৰ

Piyush_Gogoi

আজি জাগীৰোড সমষ্টিৰ বিধায়ক পীয়ূষ হাজৰিকাই প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ বিৰুদ্ধে দিচপুৰ থানাত এটা গোচৰ ৰুজু কৰে। নিজৰ কাৰ্য্যকালত ‘ড০ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতি কৰাৰ কথা গম পায়ো চকু মুদি আছিলো’ বুলি অলপতে প্ৰাক্তন মুখ্য মন্ত্ৰীজনে সাংবাদিকৰ আগত কৰা মন্তব্যৰ ভিত্তিত তেওঁৰ বিৰুদ্ধে দুৰ্নীতিত সহযোগ কৰাৰ অভিযোগ আনি বিজেপি দলৰ বিধায়কজনে এই গোচৰটো ৰুজু কৰিছে।

দিচপুৰ থানাত এজাহাৰ দাখিল কৰি বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই সংবিধান ৰক্ষা কৰাৰ তথা গোপনীয়তাৰ শপত তিনিবাৰকৈ লৈছিল। সেই হিচাপে তেওঁৰ দ্বায়িত্ব আছিল অপৰাধমূলক কাম-কাজৰ ওপৰত চকু ৰখা। যদি কিবা বিভাগত কেলেংকাৰি হয়, তেন্তে সেই অপৰাধৰ সৈতে জড়িত লোকসকলক সহায় কৰাটো হ’ল বিশ্বাসভংগৰ গুৰুতৰ অপৰাধ।’

উত্তৰ-কাছাৰৰ কেলেংকাৰিৰ পৰা ড০ হিমন্ত বিশ্ব শৰ্মাক ৰক্ষা কৰা বুলি কোৱা গগৈৰ মন্তব্যটো একপ্ৰকাৰৰ অপৰাধ তথা সংবিধান অৱমাননা বুলি বিধায়কজনে মন্তব্য কৰে।

তদুপৰি তেওঁ কয়, ‘যদি ড০ হিমন্ত বিশ্ব শৰ্মাক গগৈ ডাঙৰীয়াই অস্ত্ৰ-শস্ত্ৰ আইনৰ পৰা ৰক্ষা কৰিছিল তেনেহ’লে গগৈয়ে নিজে তথ্য-প্ৰমাণবোৰ নষ্ট কৰিছে। এই বিষয়ে মই অজ্ঞাত যদিও যদি ৰক্ষণাবেক্ষণ দিছিল তেতিয়া হ’লে নিশ্চয়কৈ এই কেলেংকাৰিৰ তথ্য-পাতি তেওঁ ধ্বংস কৰিছিল।’

ইয়াৰ উপৰি তেওঁ কয় যে যদি গগৈয়ে এইসমূহ কেলেংকাৰিত হিমন্ত বিশ্বক ৰক্ষা কৰিছিল নিশ্চয়কৈ তেওঁ কেলেংকাৰিসমূহৰ সৈতে সহযোগী আছিল। গতিকে যদি গগৈ প্ৰকৃততে দোষী তেন্তে তেওঁ উচিত শাস্তি পাব লাগে সেয়েহে আজি মই এই গোচৰ ৰুজু কৰিছো।

আনহাতে, বিধায়ক পীয়ূষে গোচৰ তৰা কাৰ্য্যক প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে আদৰণিহে জনালে। এই সন্দৰ্ভত গগৈয়ে সংবাদ মাধ্যমৰ আগত নিজৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া হিচাপে কয়, ‘গোচৰ ৰুজু কৰাত মোৰ কোনো আপত্তি নাই। মই অত্যন্ত সুখী যে বিধায়কগৰাকীয়ে মোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে। পীয়ূষে এটাই ক’ব বিচাৰিছে যে ড০ হিমন্ত বিশ্ব শৰ্মাই অপৰাধটো সংঘটিত কৰিছে। অপৰাধ সংঘটিত কৰিলেহে মই ৰক্ষণাবেক্ষণ দিব লাগিব।’
তাৎপৰ্য্যপূৰ্ণভাৱে গগৈয়ে উল্লেখ কৰে যে যদি হিমন্তই অপৰাধ কৰাই নাছিল তেন্তে মই ৰক্ষণাবেক্ষণ দিয়াৰ কথাই নাছিল। পীয়ূষে আওপকীয়াকৈ ক’ব বিচাৰিছে যে হিমন্তই মনে মনে অপৰাধ কৰিছিল।

হিমন্ত বিশ্বক ৰক্ষণাবেক্ষণ দিয়াৰ বিপৰীতে তেওঁ চকু মুদি থকা বুলিহে মন্তব্য দিছিল বুলি গগৈয়ে সদৰী কৰে।

আনহাতে হিমন্ত বিশ্ব শৰ্মায়ো তেওঁৰ বিৰুদ্ধে পূৰ্বতে গোচৰ দিয়া বুলি মন্তব্য কৰি কয়, ‘মোৰ বিৰুদ্ধে তেওঁলোকে গোচৰ দিয়েই থাকিব। গোচৰ দিয়াত মোৰ আপত্তি নাই। মই কোনো কাৰণতে ভয় নাখাওঁ।’