দীৰ্ঘদিন ধৰি ক্ষমতাৰ অৰিয়াঅৰি আৰু মুখ্য কাৰ্যবাহী সদস্যৰ পদক লৈ টনা আজোৰা চলি থকা মৰিগাঁও তিৱা স্বায়ত্ত পৰিষদত সংঘটিত এক বিয়াগোম দুৰ্নীতিৰ কথা পোহৰলৈ আহিছে। একমাত্ৰ মুখ্য কাৰ্যবাহী সদস্যৰ পদটোক লৈ চলি থকা টনা আজোৰাৰ বাবে তিৱা জনগোষ্ঠীৰ লোকসকল উন্নয়নৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উঠিছে।
এনে এক পৰিস্থিতিৰ মাজতে শেহতীয়াকৈ তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাৰ বিৰুদ্ধে দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ তুলি স্বয়ং পৰিষদৰে ৫ নং ঢেঁকীফালা পৰিষদীয় সমষ্টিৰ জন প্ৰতিনিধি বলোৰাম বৰদলৈয়ে উচ্চ ন্যায়ালয়ত এটা গোচৰ ৰুজু কৰিছে।
কাৰ্যবাহী সদস্য বৰদলৈয়ে দেওবাৰে ৰহাত সাংবাদিকৰ আগত মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাৰ বিৰুদ্ধে দুৰ্নীতি, অনিয়ম, আঁচনি সমবিতৰণ নকৰা আৰু নীতি বহিৰ্ভূতভাৱে আঁচনি ৰূপায়নৰ বাবদ ধন আৱন্টন দিয়া ইত্যাদি অভিযোগেৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰা বুলি জানিবলৈ দিয়ে।
বৰদলৈয়ে অভিযোগ কৰে যে ২০১৭-১৮ বৰ্ষত পৰিষদে অসম চৰকাৰৰ পৰা ৩৬ কোটি টকা আৱন্টন পাইছিল যদিও মুখ্য কাৰ্যবাহীগৰাকীয়ে নিজৰ খেয়াল খুচি মতে উন্নয়নমূলক কামৰ ধনসমূহ খৰচ কৰিছে। সদস্য গৰাকীয়ে উন্নয়নমূলক কামৰ ধন বিতৰণত বৈষম্যৰ অভিযোগো উত্থাপন কৰিছে। মুখ্য কাৰ্যবাহীগৰাকীয়ে কিছুমান সমষ্টিত ১ কোটি টকালৈকে আৱন্টন দিয়াৰ বিপৰীতে তেওঁৰ সমষ্টিত মাত্ৰ ৪০ লাখ টকাহে আগবঢ়োৱা বুলি উল্লেখ কৰে।
সদস্যগৰাকীয়ে মুখ্য কাৰ্যবাহীগৰাকীয়ে বিধি বহিৰ্ভূতভাৱে আঁচনিৰ কাম আৱন্টন দিয়াৰ লগতে কাম নকৰাকৈয়ে বিল আদায় দিয়াৰ অভিযোগো উত্থাপন কৰিছে। তেওঁ উল্লেখ কৰে যে বৰ্তমান জুন মাহ চলি আছে যদিও পৰিষদে এইবছৰৰ জুলাই আৰু আগষ্ট মাহৰ ৬৯৮২৩৯ আৰু ৬৯৮২৫৪ নম্বৰৰ দুখন চেক প্ৰদান কৰাৰ বিভ্ৰান্তিকৰ তথ্য দাঙি ধৰিছে আৰু ইয়ে পৰিষদখনত সংঘটিত দুৰ্নীতিৰ কথা উদঙাই দিছে।
সদস্য গৰাকীয়ে লগতে জানিব দিয়ে যে পৰিষদৰ অধীনৰ লাখ লাখ লোকৰ উন্নয়নৰ বাবে আৱন্টিত চৰকাৰী পুঁজি এনেদৰে ক্ষমতাৰ অপব্যৱহাৰেৰে লুণ্ঠন চলোৱা আৰু নিজে ৰাজকীয় জীৱন যাপন কৰি মুখ্য কাৰ্যবাহীগৰাকীয়ে ৰাইজৰ উন্নয়নলৈ পিঠি দি তিৱা স্বায়ত্ত পৰিষদখনক দুৰ্নীতিৰ ক্ষেত্ৰলৈ পৰিৱৰ্তন কৰাৰ বিৰুদ্ধে তেওঁ দুৰ্নীতি নিবাৰক শাখাৰ ওচৰ চাপিব।
সদস্য বৰদলৈয়ে কয় যে সকলো কাম (৫০ হাজাৰ টকাৰ ওপৰৰ) নিবিদা আহ্বান নকৰাকৈয়ে কাম আৱন্টন দি চৰকাৰী তথা পৰিষদৰ নীতি নিয়ম জলাঞ্জলি দিয়া কাৰ্যক তেওঁ কেতিয়াও মানি নলয়। তেওঁ লগতে তিৱা স্বায়ত্ত পৰিষদৰ এনে দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীক উচিত তদন্ত কৰিবলৈ আহ্বান জনাইছে।