শিক্ষা জগতক কলংকিত কৰা এক ঘটনাত পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰাৰ বাবে বহিস্কৃত হ’বলগীয়া হৈছে এগৰাকী শিক্ষয়ত্ৰী। বৰপেটা জিলাৰ পাটাছাৰকুছিৰ বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ এগৰাকী শিক্ষয়ত্ৰী চন্দনা দেৱীক অলপতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ এমএড পৰীক্ষাত এগৰাকী পৰীক্ষাৰ্থী হিচাপে অসৎ উপায় অৱলম্বন কৰাৰ বাবে পৰীক্ষা হলৰ পৰা বহিস্কাৰ কৰা হয়।
যোৱা ২৩ মাৰ্চত তেওঁ এমএড চি-২ (ডেবেলপমেন্ট চাইকোলজি)ৰ দ্বিতীয় বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু পৰীক্ষা হলত নকল কৰাৰ বাবে আন দুগৰাকী পৰীক্ষাৰ্থীৰ সৈতে হাতে-লোটে ধৰা পৰিছিল। তেওঁৰ ৰোল নম্বৰ আছিল ০১১ / ১৬। এই ঘটনাটোৱে স্থানীয় অঞ্চলটোত বাতৰিটো বিয়পি পৰাৰ পিছত সকলোৰে চকু কপালত তুলিছে ছচিয়েল মিডিয়াটো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
উক্ত মহাবিদ্যালয়খনৰ একাংশ ছাত্ৰই বহিস্কৃত শিক্ষয়ত্ৰীগৰাকীৰ বিৰুদ্ধে কেতবোৰ অভিযোগ আনিছে। আন দুগৰাকী প্ৰাৰ্থীৰ সৈতে শিক্ষয়ত্ৰীগৰাকীক গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগে এখন জাননী পৰীক্ষা হলত জাৰি কৰি বাকী থকা প্ৰশ্নকাকতৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা বাৰণ কৰিছিল।
একাংশ ছাত্ৰ-ছাত্ৰীয়ে এইবুলিও অভিযোগ কৰে যে শিক্ষয়ত্ৰীগৰাকীয়ে শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন ধৰণে হাৰাশাস্তি কৰে। উক্ত মহাবিদ্যালয়খন ডি এলএড ৰ শিক্ষক প্ৰশিক্ষণৰ এটা আগশাৰীৰ কেন্দ্ৰ।
মহাবিদ্যালয়খন এন চি টি ইৰ স্বীকৃতিপ্ৰাপ্ত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অনুমোদিত প্ৰতিষ্ঠান। মহাবিদ্যালয়খনত কৰ্মৰত শিক্ষয়ত্ৰীগৰাকীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ ক্ষেত্ৰীৰ নেশ্যনেল ইনষ্টিটিউট ফৰ টিচাৰছ ট্ৰেইনিঙত এম এড পাঠ্যক্ৰমৰ প্ৰশিক্ষাৰ্থী।