পৰেশ বৰুৱাৰ তীব্ৰ বিৰোধিতা নাগৰিকত্ব সংশোধনী বিধেয়কৰ
হিন্দু বাংলাদেশীৰ নাগৰিকত্ব সম্পৰ্কত যুটীয়া সংসদীয় কমিটীয়ে অসমলৈ আহি শুনানি লৈ থকাৰ মাজতে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ অগ্ৰহণযোগ্যতাক লৈ আলফা(স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই মন্তব্য কৰাটো তাৎপৰ্য্যপূৰ্ণ। বিদ্ৰোহী সংগঠনটোৰ আপোচ নকৰাকৈ এতিয়াও সংগ্ৰাম অব্যাহত ৰখা গোটটোৰ সেনাধ্যক্ষজনে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিত কয় যে এই বিধেয়ক অসমৰ বাবে আৰু অসমীয়া মানুহৰ বাবে জাতিধ্বংসী অস্ত্ৰ হিচাপে প্ৰমাণিত হ’ব।
আনহাতে বিধেয়কখনক সমৰ্থন কৰিবলৈ গৈ কংগ্ৰেছৰ নেতা অৰ্ধেন্দু কুমাৰ দে’ই দিয়া প্ৰৰোচনামূলক মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ ডাঃ অৰ্ধেন্দু কুমাৰ দে’ক তেওঁৰ প্ৰৰোচনামূলক বক্তব্যৰ বাবে কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ কৰাৰ আহ্বান জনাইছে। লগতে নেতাগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈও সোণোৱাল চৰকাৰক আহ্বান জনাইছে আলফাৰ সেনাধ্যক্ষগৰাকীয়ে।
উল্লেখযোগ্য যে ৮ মে’ত নগাৱঁত কংগ্ৰেছ নেতা অৰ্ধেন্দু কুমাৰ দে’ই অসমীয়া-বাঙালীৰ সংঘাতক প্ৰৰোচিত কৰিব পৰা মন্তব্য কৰি সমগ্ৰ ৰাজ্যবাসীৰে ক্ষোভৰ কাৰণ হৈ পৰিছে।
আনহাতে আলফা (স্বাঃ) পূৰ্বেও এই নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬-ৰ বিৰোধিতা কৰি আহিছে। দিল্লীত হোৱা শুনানিত অসম সত্ৰ মহাসভাই বিধেয়কখন সমৰ্থন কৰি অহা বুলি জানিব পাৰি, পৰেশ বৰুৱাই সত্ৰক সকীয়াই দিছিল।