পৰ্যটন নগৰী হিচাপে জনাজাত গুপ্তকাশী বিশ্বনাথ ঘাট | প্ৰাকৃতিক সৌন্দৰ্য্যৰে পৰিপূৰ্ণ তথা দ্বিতীয় কাশী হিচাপে খ্যাত গুপ্তকাশী বিশ্বনাথ ঘাট | আগশাৰীৰ পৰ্যটনস্থল হিচাপে গঢ় লৈ উঠিব পৰা প্ৰচুৰ সমল থকা এই বিশ্বনাথ ঘাট এতিয়া গতি কৰিছে ধ্বংসৰ দিশে |
ইতিহাস জৰ্জৰিত এই গুপ্তকাশী বিশ্বনাথ ঘাটত আহোম যুগৰ পৌৰাণিক সম্পদ সমুহ সংৰক্ষণ কৰাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি কেনেধৰণে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু কৰি তুলিব পাৰি সেই সম্পৰ্কে ৰাজ্য চৰকাৰৰ হস্তক্ষেপ বিচাৰি স্থানীয় ৰাইজে বহু বাৰ সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ জনাইছে যদিও ঘোৰ নিদ্ৰাত পৰ্যটন বিভাগ |
যি সময়ত অসমৰ পৰ্যটনথলী সমুহ বিশ্বৰ আগত প্ৰচাৰৰ কৰাৰ বাবে কোটি টকা ব্যয় সাপেক্ষে বলিউডৰ মোহময়ী অভিনেত্ৰী গৰাকীক নিৰ্বাচিত কৰা হৈছে তাৰ বিপৰীতে ৰাজ্যৰ পৰ্যটন নগৰী সমুহৰ উন্নয়ন আৰু ঐতিহাসিক স্থান সমুহ সংৰক্ষণ কৰাৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেইয়া অতি পুতৌজনক।
বিশেষকৈ ইংৰাজৰ শাসন কালত ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত নদী পৰিবহনৰ বাবে যথেষ্ট ব্যস্ত জাহাজ ঘাট হিচাপে পৰিগণিত আছিল বিশ্বনাথ ঘাট আৰু তাৰ বাবে নিশা ভাগত অহা যোৱা কৰা জাহাজ সমুহ নদীৰ মাজত থকা প্ৰকাণ্ড শিলাখণ্ডৰ পৰা সুৰক্ষিত ভাবে পৰিবহন ব্যৱস্থা চলাচল হৈ থকাৰ বাবে বুঢ়া লুইতৰ বুকুত স্থাপন কৰা হৈছিল এটি প্ৰকাণ্ড লেম্প পোষ্ট | কিন্তু , বুঢ়া লুইতৰ বিশাল ঢৌৰ আগত প্ৰায় ১৫০ বছৰীয়া এই ঐতিহাসিক লেম্প পোষ্টটি যোৱা বাৰিষাত খহি পৰে |
প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য্যক এক অনন্য মাদকতা আগবঢ়াই যোৱা এই সম্পদটি পুনঃ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে আজি পৰ্যন্ত গ্ৰহণ নকৰিলে বিশেষ পদক্ষেপ | ৰাজ্য চৰকাৰৰ অমনোযোগিতা আৰু পৰ্যটন বিভাগৰ অৱহেলাৰ বাবে জহি খহি ধ্বংস হ’ব ধৰিছে পৰ্যটনৰ আকৰ্ষণীয় কেন্দ্ৰ স্থল বিশ্বনাথ ঘাটৰ সৌন্দৰ্য |
সেয়ে স্থানীয় ৰাইজে বিশ্বনাথ ঘাটক পৰ্যটনৰ ক্ষেত্ৰত ল’ব পৰা প্ৰয়োজনীয় পদক্ষেপৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনোৱাৰ বিপৰীতে ৰাজ্য চৰকাৰ তথা পৰ্যটন বিভাগে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ’ব |