পৰৱৰ্তী লোকসভা নিৰ্বাচনত কোকৰাঝাৰৰ পৰা বিপিএফেই জিকিব : হাগ্ৰামা মহিলাৰী

Pulwama attack: Ready to send 500 Bodo fighters, says BTC chief Hagrama

হাগ্ৰামা মহিলাৰী। ফাইল ছবি।

ৰাজ্যখনৰ সকলো ৰাজনৈতিক দল পঞ্চায়ত নিৰ্বাচনৰ হিচাপ-নিকাচত লাগি থকাৰ সময়তে বিটিচৰ মুখ্য কাৰ্য্যবাহী হাগ্ৰামা মহিলাৰীয়ে আজি সংবাদ মাধ্যমৰ আগত তেওঁলোকে ২০১৯ চনৰ আগন্তুক লোকসভা নিৰ্বাচনত সহজেই জয়ী হ’ব বুলি আত্মবিশ্বাসেৰে মন্তব্য কৰে। ‘বিপিএফে কোকৰাঝাৰ লোকসভা আসন সহজেই নিজৰ দখললৈ আনিব পাৰিব’, তেওঁ কয়। ‘আমি এই ক্ষেত্ৰত আত্মবিশ্বাসী হৈ আছো।’ বিপিএফ দলৰ সভাপতিৰো দায়িত্বত থকা মহিলাৰীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে কয়। তেওঁক সাংবাদিকে এই সময়ত তেওঁ এই মন্তব্য কৰাৰ কিবা বিশেষ তাৎপৰ্য্য আছে নেকি জানিব বিচৰাত কোনো কাৰণ থকাৰ কথা নক’লে। উল্লেখযোগ্য যে কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰিৰে গঠিত সমগ্ৰ বি টি এ ডি এলেকাত কোকৰাঝাৰেই হ’ল একমাত্ৰ লোকসভা সমষ্টি। আনহাতে পৰৱৰ্তী লোকসভা নিৰ্বাচনলৈ এতিয়াও ১৩ মাহ সময় বাকী আছে। তেনেস্থলত হাগ্ৰামাৰ এই মন্তব্যৰ যথেষ্ট ৰাজনৈতিক তাৎপৰ্য্য আছে। নেতাজনে কালি এটা প্ৰাৰ্থনা আৰু আৰোগ্য সন্মিলনত ভাগ ল’বলৈ যাওঁতে এই মন্তব্য আগ বঢ়ায়।

স্মৰ্তব্য যে যোৱা ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিপিএফক প্ৰতিহত কৰি কোকৰাঝাৰ সমষ্টিৰ পৰা নিৰ্দলীয় হৈ প্ৰতিদ্বন্দ্বিতা কৰি প্ৰাক্তন আলফা সদস্য নৱকুমাৰ শৰণীয়াই জয় লাভ কৰিছিল। ৩.৫৫ লাখৰো অধিক ভোটত তেওঁ জয়ী হৈছিল। শৰণীয়া সমষ্টিটোৰ পৰা জয়ী হোৱা প্ৰথমজন অবড়ো প্ৰাৰ্থী আছিল।