• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দৌলোৎসৱৰ ‘ফাকুৱা’ত জনসমুদ্ৰত পৰিণত বৰপেটা সত্ৰ : বিভিন্ন প্ৰান্তৰ অগণন ভক্তৰ সমাগম

পুলেন দাস by পুলেন দাস
March 4, 2018 9:45 pm
Barpeta- Holi Festival

বৰপেটাৰ ফাকুৱাৰ এটা দৃশ্য।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আবিৰ আৰু হোলীগীতৰ মূৰ্ছনাত মুখৰিত হৈ পৰিল সত্ৰনগৰী বৰপেটা । পূৰ্বৰ পৰাই মহা আড়ম্বৰপূৰ্ণভাৱে পালন কৰি অহা বৰপেটা সত্ৰৰ দৌল উৎসৱ কেৱল অসমতেই নহয় ভাৰতবৰ্ষতেই বিখ্যাত।

শংকৰী কলা-সংস্কৃতিৰে ভৰপূৰ বৰপেটা সত্ৰৰ লগতে ইয়াৰ নিকটৱৰ্তী অঞ্চলসমূহ আজি ফাকুৱাৰ আবিৰৰ মাজত একাকাৰ হৈ পৰে। মহাপুৰুষ দুজনা গুৰু শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীশ্ৰী মাধৱদেৱৰ লগতে আতা পুৰুষসকলৰো ঠাই বৰপেটা ধামৰ আকাশে-বতাহে বাজি উঠিছে কৃষ্ণ বন্দনা। উৎসৱমুখৰ পৰিৱেশত সহস্ৰাধিক তীৰ্থযাত্ৰী তথা হাজাৰ হাজাৰ লোকৰ উপস্থিতিত লোকে লোকাৰণ্য হৈ পৰে বৰপেটা সত্ৰ।

Apply Now

উল্লেখযোগ্য যে মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ প্ৰতিষ্ঠিত বৰপেটা সত্ৰত এইবেলি পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল মহোৎসৱ আয়োজন কৰিছিল। আজি ‘ফাকুৱা’ উপলক্ষে লোকে লোকাৰণ্য হৈ পৰে সত্ৰ চৌহদ। সত্ৰনগৰীবাসীয়ে আজি পুৱাৰে পৰা ৰং-বিৰঙৰ নানাৰঙী আবিৰ সানি প্ৰতিখন হাটীৰ অলিয়ে-গলিয়ে ঢোল, তাল-খুঞ্জুৰি লৈ গোৱা হোলী গীতসমূহে মুখৰিত কৰি তোলে বৰপেটাৰ আকাশ-বতাহ। কিশোৰ, চেমনীয়া, ডেকাসকলে প্ৰাণঢালি গোৱা হোলীগীতৰ মূৰ্ছনাত মুখৰিত হোৱা সত্ৰনগৰী বৰপেটাৰ এই বৰ্ণিল দৃশ্য উপভোগ কৰিবলৈ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অসংখ্য লোকৰ সমাগম ঘটা পৰিলক্ষিত হয়।

উল্লেখযোগ্য যে কালি ভৰদৌলৰ দিনা নক্ষত্ৰৰ ক্ষণ গণনা অনুসৰি, গোসাঁইক দৌলগৃহৰ পৰা নমাই মণিকূট গৃহত প্ৰৱেশ কৰোৱা হয়। আবিৰৰ ৰঙে চৌদিশ মুখৰিত কৰা সত্ৰ চৌহদত আজি বিয়লি দৌল গোবিন্দ আৰু কলীয়া ঠাকুৰ গোসাঁইক মঠৰ চোতালত উলিয়াই আনি সত্ৰীয়া ৰীতি-নীতিৰে দুখন সুশোভিত দোলাত তুলি গায়ন-বায়ন, ঢুলীয়া সমন্বিতে অগণন ভক্তৰ উপস্থিতিত বৰপেটা সত্ৰৰ দক্ষিণ দিশে থকা কলবাৰী সত্ৰলৈ ‘হেকেটা’ খুৱাবলৈ নিয়া হয়।

এই সময়ছোৱাত অগণন ভক্তই সমদলেৰে আনন্দত আত্মহাৰা হৈ হোলীগীত গাই যোৱা দৃশ্য উপভোগ কৰিবলৈ পদূলিয়ে পদূলিয়ে অসংখ্য লোক ৰৈ থকাটোও আন এক লক্ষণীয় দিশ আছিল। ‘হেকেটা’ খুওৱা পৰ্বৰ সমাপ্তিৰ পিছত গোসাঁইক পুনৰ বৰপেটা সত্ৰলৈ অনা হয়। গোসাঁই আহি বৰপেটা সত্ৰৰ মুখ্য প্ৰৱেশ পথ পোৱাৰ লগে লগে টুপৰ চোতালত ‘বাঁহ ভঙা’ পৰ্ব অনুষ্ঠিত হয়।

এই পৰ্বৰ পিছতে গোসাঁইক কীৰ্তনঘৰৰ চাৰিওপিনে সাতপাক প্ৰদক্ষিণ কৰোৱা সময়তে মঠৰ চোতালত অনুষ্ঠিত হয় ‘বোল্বোলনি’ নামৰ এক অৰ্ধনাটকীয় অনুষ্ঠান। এই অনুষ্ঠানত লক্ষ্মীৰ পক্ষত এজন ভকত আৰু শ্ৰীকৃষ্ণৰ পক্ষত এজন ভকতে বাদানুবাদত লিপ্ত হয়। এই বাদানুবাদৰ অন্তত শ্ৰীকৃষ্ণই পৰাজয় স্বীকাৰ কৰি লক্ষ্মীৰ ওচৰত দণ্ড ভৰে আৰু লক্ষ্মীয়ে গোসাঁইক মণিকূটত প্ৰৱেশৰ অনুমতি দিয়ে। সেই অনুসৰি, সন্ধিয়া ভাগত দৌল গোবিন্দ আৰু কলীয়া ঠাকুৰক কীৰ্তন ঘৰৰ মণিকূট গৃহত প্ৰৱেশৰ পিছতে ঐতিহ্যমণ্ডিত বৰপেটা দৌলোৎসৱৰ আনুষ্ঠানিক সামৰণি পৰে।

পুলেন দাস

পুলেন দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am
কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

October 10, 2026 10:54 am
সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

October 10, 2026 9:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd