আজি ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হয় এক ভয়ংকৰ নাও দুৰ্ঘটনা। ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড ঢৌ আৰু সোঁতত নিয়ন্ত্ৰণ হেৰুৱাই ব্ৰহ্মপুত্ৰৰ বুকুত উবুৰি খাই পৰে হাত নাওখন আৰু লগতে নাৱত থকা পাঁচ জন লোকো নদীত পৰে।
উল্লেখযোগ্য যে পুৱা ৯.৩০ বজাত মাজুলীৰ পৰা ‘জলতৰী’ নামৰ ফেৰিখনে যাত্ৰী লৈ ১১-০৫বজাত নিমাতী ঘাটত উপস্থিত হোৱাৰ কিছু সময়ৰ পাছত নদীৰ মাজৰ পৰা কোনো ব্যক্তিৰ চিঞৰা শুনি ফেৰীখনে যাত্ৰীসকলক নিমাতী ঘাটত নমাই চিঞৰৰ উৎস বিচাৰি যায়।
আৰু নদীৰ মাজত পাঁচগৰাকী লোকসহ এখন হাতনাও ডুব যোৱা দেখি তত্ক্ষণিকভাৱে সেই স্থানত উপস্থিত হৈ ‘জলতৰী’ৰ কৰ্মচাৰীসকলে তত্পৰতাৰে লাইফ জেকেটৰ সহায়ত লোক কেইজনক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
‘জলতৰী’ৰ কৰ্মচাৰীসকলে এই সাহসৰ পৰিচয় দিয়াৰ বাবে সকলোৱে শলাগ লোৱাৰ উপৰি স্বত্বাধিকাৰী দেৱজিত্ দত্তই ব্যক্তিগতভাৱে কৰ্মচাৰীসকললৈ দহ হাজাৰ টকাৰ পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰে।
আনহাতে দুৰ্ঘটনাত পতিত নাওখন মাজুলী জেংৰাইমুখৰ পৰা গাখীৰ লৈ যোৰহাটলৈ বুলি গৈছিল। দুৰ্ঘটনাত পতিত লোক কেইজন হল মাজুলীৰ জেংৰাই আৰু ফুলনিৰ অজিত ঘোচ, মদন পেগু, প্ৰাঞ্জল কুলি, চিৰকুমাৰ পেগু আৰু মাচং দলে।