NORTHEAST NOW (Assamese)

ফ্ল’ৰিডাত অনুষ্ঠিত এশিঙীয়া গঁড় সংৰক্ষণৰ আন্তঃৰাষ্ট্ৰীয় কৰ্মশালাত প্ৰশিক্ষক হিচাপে অসমৰ ড৹ বিভৱ তালুকদাৰ

June 19, 2018 6:07 pm · উত্তম শইকীয়া

আমেৰিকাৰ ফ্ল’ৰিডাত আজিৰে পৰা অনুষ্ঠিত এশিঙীয়া গঁড় সংৰক্ষণত জড়িত বিশ্বৰ বিভিন্ন আগশাৰী প্ৰকৃতি সংগঠনৰ প্ৰতিনিধিৰ উচ্চ প্ৰশিক্ষণ কৰ্মশালাত এজন মুখ্য সমল ব্যক্তি হিচাপে অংশ গ্ৰহন কৰিছে অসমৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যকৰ সচিব প্ৰধান তথা এচিয়ান গঁড়ৰ বিশেষজ্ঞ সমিতিৰ সভাপতি ড০ বিভৱ কুমাৰ তালুকদাৰে।

এশিঙীয়া গঁড় সংৰক্ষণৰ এই বিশেষ প্ৰশিক্ষণ কৰ্মশালাত বিশ্বৰ প্ৰায় ৫০ টা আগশাৰীৰ প্ৰকৃতি সংগঠনৰ প্ৰায় শতাধিক সংৰক্ষণ কৰ্মীয়ে অংশ গ্ৰহন কৰিছে। ফ্লৰিডাৰ হোৱাইট ওক কনজাৰভেচন চেন্টাৰত আজিৰে পৰা অনুষ্ঠিত এশিঙীয়া গঁড় সংৰক্ষণৰ এই বিশেষ কৰ্মশালাত এশিঙীয়া গঁড়ৰ বিভিন্ন সমস্যাৰ ওপৰত আলোচনা হোৱাৰ উপৰিও ইয়াৰ সমাধান আৰু কৰণীয় কাৰ্যপন্থা প্ৰস্তুত কৰা হ’ব।

বিশ্বৰ আগশাৰীৰ সংৰক্ষণ কৰ্মশালাৰ অন্যতম Emerging wildlife Consevation Leaders advaced training হিচাবে স্বীকৃত এই কৰ্মশালাই ইতিমধ্যেই বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰায় দুই শতাধিক সংৰক্ষণ বিশেষজ্ঞক সাজু কৰি তুলিছে ৷

আজিৰ পৰা অহা ২১ জুনলৈকে হ’ব লগা এই উচ্চ প্ৰশিক্ষণত বিশ্ব প্ৰকৃতি নিধি, এচিয়ান গঁড় বিশেষজ্ঞ গোট, ফিলাডেলফিয়া চিৰিয়াখানা, দ্যা ৰয়েল ফাউণ্ডেচন, ইউ এচ ফিচ এণ্ড ৱাইল্ড লাইফ চাৰ্ভিচ, হোৱাই ওক কনজাৰ্ভেচনৰ দৰে বিশ্বৰ আগশাৰীৰ বন্যপ্ৰাণী সংৰক্ষণ সন্থা সমূহৰ বিশেষজ্ঞই অংশ গ্ৰহন কৰিছে ৷

বিশ্বৰ আগশাৰীৰ এই বিশেষ কৰ্মশালালৈ মুখ্য প্ৰশিক্ষক হিচাবে আমন্ত্ৰিত আৰণ্যকৰ সচিব প্ৰধান ড৹ বিভৱ কুমাৰ তালুকদাৰ কৰ্মশালাখনত ভাৰতীয় গঁড়ৰ ওপৰত সচিত্ৰ উপস্থাপনেৰে আলোচনা আগবঢ়াব।

Related News