NORTHEAST NOW (Assamese)

বক্সাৰ এম চি মেৰীকম আৰু এল সৰিতা দেৱী ষ্ট্ৰাণ্ডা স্মৃতি বক্সিং টুৰ্নামেণ্টৰ ছেমিফাইনেলত প্ৰৱেশ

February 23, 2018 9:57 am · এন ই নাও নিউজ
Updated: February 23, 2018 3:27 pm
বক্সাৰ মেৰীকমৰ ফাইল ফটো

ভাৰতীয় বক্সিং জগতৰ দুই মহিলা তাৰকা বক্সাৰ এম চি মেৰীকম আৰু এল সৰিতা দেৱীয়ে ৬৯ সংখ্যক ষ্ট্ৰাণ্ডা স্মৃতি বক্সিং টুৰ্নামেণ্টৰ ছেমিফাইনেলত উপনীত হৈছে। দুয়োগৰাকী তাৰকাই প্ৰতিযোগিতাখনৰ ছেমিফাইনেলত প্ৰৱেশ কৰাৰ লগে লগেই ক্ৰমাগতভাবে তৃতীয়টো আন্তৰ্জাতিক পদক নিশ্চিত কৰে।

উল্লেখ্য যে পাঁচবাৰৰ বিশ্ব চেম্পিয়ন মেৰীকমে ৪৮ কি.গ্ৰা. শাখাত ৰোমানিয়াৰ ষ্টেলোটা ডুটাক কোৱাৰ্টাৰ ফাইনেলত পৰাজিত কৰি প্ৰতিযোগিতাখনৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। এছিয়ান চেম্পিয়নশ্বিপ আৰু ইণ্ডিয়া অ’পেনত একোটাকৈ স্বৰ্ণ পদক বিজয়ী মেৰীকমে ষ্ট্ৰাণ্ডা স্মৃতি বক্সিং টুৰ্ণামেণ্টত কমেও ব্ৰঞ্জৰ পদক পোৱাটো নিশ্চিত হৈ পৰিল।

আনহাতে, এছিয়ান চেম্পিয়নশ্বিপত ব্ৰঞ্জ আৰু ইণ্ডিয়ান অ’পেনৰ ৰূপৰ পদক বিজয়ী এল সৰিতাই ষ্ট্ৰাণ্ডা স্মৃতি বক্সিং টুৰ্ণামেণ্টত চীনৰ কি ৱিয়ানক পৰাজিত কৰিবলৈ সক্ষম হয়। লগে লগে ক্ৰমাগত তৃতীয়টো আন্তৰ্জাতিক পদক লাভ কৰাৰো নিশ্চিত কৰে।

দুয়োগৰাকী মহিলা বক্সাৰৰে উজ্জীৱিত প্ৰদৰ্শনত দেশবাসীৰ লগতে উত্তৰ-পূবৰ ক্ৰীড়া প্ৰেমীসকল যথেষ্ট উৎফুল্ল হৈ পৰা দেখিবলৈ পোৱা গৈছে।

Related News