বঙাইগাঁও আৰু অভয়াপুৰীত আমছুৰ মৌন অৱস্থান ধৰ্মঘট

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে আজি বঙাইগাঁও জিলাটো এনআৰচিৰ প্ৰসংগক লৈ সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন তথা আমছুৱে মৌন অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

বঙাইগাঁও জিলা সদৰৰ পাগলাস্থানত শতাধিক আমছুৰ সমৰ্থকে মুখত ক’লা কাপোৰ বান্ধি মৌন অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। ধৰ্মঘট কাৰ্যসূচী সম্পৰ্কত আমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ইমতাজ হুছেইনে অভিযোগ কৰে যে মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দ্দেশৰ পিছতো এনআৰচিৰ কামৰ লগত জড়িত একাংশ কৰ্মচাৰীয়ে নিজ খেয়াল-খুচিমতে কাম কৰি সৰ্বসাধাৰণক হাৰাশাস্তি কৰি আছে।

এই সম্পৰ্কত আমছুৱে দিল্লীত আৰজিআইৰ ওচৰত অভিযোগ দাখিল কৰিছে যদিও এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা হাতত নোলোৱাত আজি এই প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে।

জিলাখনৰ অভয়াপুৰীৰ উত্তৰ শালমাৰা মহকুমাধিপতিৰ কার্যলয়ৰ সন্মুখটো আমছুৰ উত্তৰ শালমাৰা জিলা সমিতিয়ে একেদৰে মৌন অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি সংগঠনটোৱে উত্তৰ শালমাৰা মহকুমাধিপতিৰ জৰিয়তে দেশৰ গৃহমন্ত্ৰীলৈ এখন স্মৰকপত্ৰ প্ৰদান কৰে।