বটদ্ৰৱাত মৃত্যুঞ্জয় সেৱাৰ এম্বুলেঞ্চ মুকলি বিধায়িকা আঙুৰলতাৰ

আঙুৰলতা

”বটদ্ৰৱাত চৰকাৰী স্বাস্থ্য সেৱা উন্নীতকৰণৰ যৎপৰোনাস্তি চেষ্টা চলোৱা হৈছে। বটদ্ৰৱাৰ ৰাইদংগীয়াৰ প্ৰায় ১৫ খনৰো অধিক গাঁৱৰ ৰাইজৰ দীৰ্ঘদিনীয়া অভাৱ এটি আজি পূৰণ হ’ল। অঞ্চলৰ কোনো ৰোগীক এতিয়াৰে পৰা জৰুৰীকালীন অৱস্থাত চিকিৎসাৰ বাবে নগাঁও অথবা গুৱাহাটীলৈ অতি সহজতে লৈ যাব পৰা হ’ব।”

শুকুৰবাৰে বটদ্ৰৱাৰ ৰাইদংগীয়া অঞ্চলৰ আইভেটি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এখনি নতুন ১০৮ এম্বুলেন্স মুকলি কৰি প্ৰদান কৰা ভাষণ প্ৰসংগত এইদৰে উল্লেখ কৰে বিধায়িকা আঙুৰলতাই।

উক্ত অনুষ্ঠান টিত ১০৮ সেৱাৰ নগাঁৱৰ জিলা প্ৰবন্ধক শৰৎ বৰা, ডাঃসন্ধ্যা নাথ, চিকিৎসালয় পৰিচালনা সমিতিৰ সভাপতি কনক ৰায় চৌধুৰীকে প্ৰমুখ্য কৰি শতাধিক ৰাইজ উপস্থিত থাকে।

ইয়াৰ পিছতে বিধায়িকাগৰাকীয়ে দলংঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত পাঘালী মণ্ডলৰ মহিলা আত্মসহায়ক গোটৰ প্ৰতিনিধি তথা সদস্যাসকলৰ লগত স্বাৱলম্বিতা অৰ্জনৰ বাবে গ্ৰহণ কৰিব পৰা উৎপাদনমুখী আৰু সংস্থাপন মূলক বাস্তৱ কৰ্মসূচীৰ বিষয়ে এক সৌহাদ্যপূৰ্ণ আলোচনাত মিলিত হয়।

সভাত উপস্থিত মহিলা আত্মসহায়ক গোটৰ প্ৰতিনিধিসকলক স্বাৱলম্বিতাৰ ক্ষেত্ৰত বিধায়িকাগৰাকীয়ে কৰিব পৰা সকলো পদক্ষেপ গ্ৰহণত সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।