বদলিৰ নিৰ্দেশৰ পিছতো বৰপেটা এৰা নাই এম জি এনৰেগাৰ এম আই এছ মেনেজাৰে

বৰপেটা জিলাৰ গ্ৰামোন্নয়ন বিভাগত কৰ্মৰত একাংশ বিষয়া-কৰ্মচাৰীৰ বাবে গুৰুত্ব নাই চৰকাৰী নীতি-নিৰ্দেশনাৰ। এই কথা প্ৰমাণ কৰিছে উৰ্ধতন কৰ্তৃপক্ষই বদলি কৰাৰ পিছতো জিলাখনৰ গ্ৰামোন্নয়ন বিভাগৰ এন জি এনৰেগাৰ অধীনস্থ জিলা এম আই এছ মেনেজাৰ কৌশিক দাসে কাৰ্যালয় ত্যাগ নকৰা ঘটনাই।

উল্লেখযোগ্য যে জিলা এখনত এম জি এনৰেগাৰ জৰিয়তে ৰূপায়ণ হোৱা আঁচনি সম্পৰ্কীয় সকলোবোৰ কাম-কাজ চোৱা-চিতা কৰে এম আই এছ মেনেজাৰজনে। আৰু সেই অনুসৰি মেনেজাৰজনে জিলা এখনত এম জি এনৰেগাৰ কিমান আঁচনি ৰূপায়ণ হৈছে, আঁচনিৰ ধন কিমান আদায় দিয়া হৈছে, কিমান সংখ্যক জৱকাৰ্ড প্ৰাপ্ত শ্ৰমিকে এশ দিনৰ কাম পালে, কিমান জৱকাৰ্ড অন্তৰ্ভুক্ত হ’ল এই সকলোবোৰ বিষয় চোৱা-চিতা কৰিব লাগে।

প্ৰাপ্ত তথ্য মতে ৰাজ্যখনৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্তই যোৱা ৯ মে’ত ডি আৰ ডি-১৫য৫৭য২০১৭য২১ নম্বৰ নিৰ্দেশ যোগে ৰাজ্যখনৰ ১৭ জন এম আই এছ মেনেজাৰক বদলিৰ জাননী দিয়ে। এই নিদেৰ্শনাটোতে বৰপেটা জিলাৰ এম আই এছ মেনেজাৰ কৌশিক কুমাৰ দাসক বঙাইগাঁৱলৈ বদলি কৰাৰ জাননী দিয়ে।

ইতিমধ্যে কৌশিক কুমাৰ দাসক যোৱা ১৪ মে’ত বৰপেটা জিলা গ্ৰামোন্নয়ন বিভাগৰ প্ৰকল্প সঞ্চালক গৰাকীয়ে ‘ৰিলিজ’ অৰ্ডাৰ দিয়ে। কিন্তু ইয়াৰ পিছতো ৰহস্যজনক কাৰণত আজি পৰ্যন্ত এম আই এছ মেনেজাৰজনে বৰপেটা জিলা গ্ৰামোন্নয়ন বিভাগ এৰিব খোজা নাই। যাক লৈ বিভাগটোৰ ভিতৰ চৰাতে ব্যাপক চৰ্চা হৈছে।